ETV Bharat / sports

10 নৱেম্বৰত অনুষ্ঠিত হ’ব ত্ৰয়োদশ আইপিএলৰ চূড়ান্ত মেচ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বিচিচিআইয়ে আইপিএলৰ গভৰ্ণিং কাউন্সিলৰ বৈঠকৰ অন্তত আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ আয়োজন অহা 19 ছেপ্তেম্বৰৰ পৰা 10 নৱেম্বৰলৈ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে ৷ এই প্ৰতিযোগিতাত 10 খন ডবল হেডৰ অৰ্থাৎ দিনত দুখনকৈ মেচ অনুষ্ঠিত কৰা হ’ব ৷ আনহাতে সন্ধিয়া ভাগৰ মেচ সমূহ ভাৰতীয় সময় অনুসৰি 7.30 বজাত অনুষ্ঠিত হ’ব ৷

author img

By

Published : Aug 3, 2020, 5:38 AM IST

Ipl-13 final to be held on november 10
10 নৱেম্বৰত অনুষ্ঠিত হ’ব ত্ৰয়োদশ আইপিএলৰ চূড়ান্ত মেচ

স্পৰ্টছ ডেস্ক, 3 আগষ্ট : আইপিএলৰ অনুৰাগীৰ বাবে সুঃখবৰ ৷ নিৰ্ধাৰণ কৰা হ’ল আইপিএলৰ চূড়ান্ত তাৰিখ ৷ বিচিচিআইৰ বিষয়াই এক সংবাদ সংস্থাক দিয়া মন্তব্য় অনুসৰি, আইপিএলৰ গভৰ্ণিং কাউন্সিলৰ বৈঠকত আইপিএল এসপ্তাহলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ফলত 10 নৱেম্বৰত অনুষ্ঠিত হ’ব ত্ৰয়োদশ আইপিএলৰ ফাইনেল মেচ ৷ কঠিন নীতি-নিয়মৰ প্ৰতি লক্ষ্য ৰাখি মেচ সমূহৰ মাজত যাতে সময়ৰ ব্যৱধান থাকে আৰু 10 খন ডবল হেডৰ মেচৰ পৰিকল্পনাৰ অধীনতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷

বিষয়াগৰাকীয়ে লগতে কয়, আমি 10 নৱেম্বৰৰ দিনটো ধাৰ্য কৰিছো আইপিএলৰ ফাইনেল আয়োজনৰ বাবে ৷ আইপিএলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে উইক ডেত আয়োজন হ’ব আইপিএলৰ ফাইনেল মেচ ৷

IPL-13
আইপিএল ত্ৰয়োদশ সংস্কৰণ : 19 ছেপ্তেম্বৰৰ পৰা 10 নৱেম্বৰলৈ

বায়ু সুৰক্ষা পৰিৱেশ ইত্যাদি দিশ সমূহৰ প্ৰতি লক্ষ্য ৰাখিয়ে মেচ সমূহৰ মাজত যাতে ব্যৱধান ৰাখিব পৰা যায় তাৰ বাবেই এই ছীজনত 10 খন ডবল হেডৰ মেচ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ আনহাতে পূৰ্বৰ 8 বজাৰ সলনি এইবাৰ আইপিএলৰ সন্ধিয়া ভাগৰ মেচসমূহ ভাৰতীয় সময় অনুসৰি 7.30 বজাত অনুষ্ঠিত কৰা হ’ব বুলিও নিশ্চিত কৰে ৷

ইতিমধ্যে আইপিএলৰ গভৰ্ণিং কাউন্সিলে অস্থায়ী ভাৱে সংযুক্ত আমিৰাতত আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ আয়োজনৰ অনুমতি বিচাৰি ভাৰত চৰকাৰলৈ আবেদন কৰিছে ৷

উল্লেখ্য যে, এই ত্ৰয়োদশ সংস্কৰণৰ আইপিএলৰ প্ৰত্যেক আঠটা দলত 24 জনকৈ খেলুৱৈ থাকিব পাৰিব ৷ ডুবাই, আবু ধাবি আৰু শ্বাৰজাহ ষ্টেডিমায়ত অনুষ্ঠিত কৰা হ’ব আইপিএলৰ সকলো মেচ ৷ অৱশ্যে ষ্টেডিয়ামত দৰ্শক উপস্থিত থাকিব নে নাই সংযুক্ত ক্ৰিকেট বৰ্ডৰ সৈতে আলোচনা কৰিয়ে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ 19 ছেপ্তেম্বৰৰ পৰা 10 নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত মুঠ 53 খন মেচ অনুষ্ঠিত হ’ব ৷

আনহাতে গভৰ্ণিং কাউন্সিলে চাইনীজ ম’বাইল ভিভ’ৰ স্পন্সৰশ্বিপ ৰ লগতে ক’ভিড-19 ৰ বিকল্প খেলুৱৈৰো মঞ্জুৰী প্ৰদান কৰিছে ৷ বৰ্তমানে সংযুক্ত আৰৱ আমিৰাতত আইপিএলৰ আয়োজনৰ বাবে আগন্তুক সপ্তাহৰ ভিতৰত চৰকাৰৰ অনুমতি লাভৰ অপেক্ষাত বিচিচিআই ৷ ইতিমধ্যে ভাৰতীয় ক্ৰীড়া মন্ত্ৰণালয়ৰ পৰা অনুমতি লাভ কৰাৰ পাচত সম্প্ৰতি উৎসাহিত হৈ আছে বিচিচিআইৰ বিষয়ববীয়া সকল ৷

লগতে চাওক-ধোনীৰ আন্তৰাষ্ট্ৰীয় কেৰিয়াৰৰ সৈতে আইপিএলৰ কোনো সম্পৰ্ক নাই : আশীষ নেহৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.