ETV Bharat / sports

বিভিন্ন জনে তাচিল্য কৰা বোমৰাহ আজি বিশ্বৰ এজন শ্ৰেষ্ঠ বলাৰ ! - ভাৰতৰ বেগী বলাৰ জছপ্ৰীত বোমৰাহ

নিজৰ বলিং একশ্বন অথবা ভংগীমাক লৈ জছপ্ৰীত বোমৰাহৰ প্ৰতিক্ৰিয়া । ইষ্টাগ্ৰাম লাইভত যুৱৰাজৰ সন্মুখত বোমৰাই ক'লে কিছু সুকীয়া কথা । কেনেকৈ প্ৰাৰম্ভিক অৱস্থাত বহু লোকৰ বহু কথা শুনিবলগীয়া হৈছিল খেলুৱৈগৰাকী ।

বিভিন্ন জনে তাচিল্য কৰা বোমৰাহ আজি বিশ্বৰ এজন শ্ৰেষ্ঠ বলাৰ !

author img

By

Published : Apr 27, 2020, 2:24 PM IST

স্পৰ্টছ ডেস্ক, ২৭ এপ্ৰিলঃ সাম্প্ৰতিক সময়ত বিশ্ব ক্ৰিকেটৰ এজন শীৰ্ষৰ দ্ৰুততম বলাৰৰ ভিতৰত অন্যতম হৈছে ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ জছপ্ৰীত বোমৰাহ । কিন্তু খেলুৱৈগৰাকীয়ে এই পৰ্যায় পাবলৈ বহু লোকৰ বহু কথা শুনিবলগীয়া হৈছিল বুলি উল্লেখ কৰে স্বয়ং বোমৰাহই । যুৱৰাজ সিঙৰ সৈতে ইষ্টাগ্ৰাম লাইভত বাৰ্তালাপ কৰাৰ সময়ত এই কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে যেতিয়া বোমৰাহৰ বলিং একশ্বনক লৈ প্ৰশ্ন কৰে তেতিয়াই বোমৰাহই নিজৰ প্ৰাৰম্ভিক দিনৰ কিছু কথা শ্বেয়াৰ কৰে । খেলুৱৈগৰাকীয়ে কয়, সেই সময়ত বহু লোকে মোক কৈছিল, মই দীৰ্ঘ সময়লৈকে ক্ৰিকেট খেলিবলৈ নোৱাৰিম । আনকি বহুতে দেশৰ বাবে খেলা অন্তিমগৰাকী খেলুৱৈ মই হ'ম বুলি তাচিল্য়ও কৰিছিল ।

ইয়াৰ লগতে নাম নোলোৱাকৈ বোমৰাহই কয়, এজন লোকে মোক কৈছিল মই কেৱল ৰঞ্জী ট্ৰফীতে সীমাবদ্ধ হৈ থাকিম । ইয়াৰ পাচতো মই মোৰ বলিং একশ্বনত অটল আছিলো আৰু মোৰ বলিঙৰ কৌশল, দক্ষতা বৃদ্ধিৰ ওপৰত কাম কৰি গৈছিলো ।

উল্লেখ্য় যে, ভাৰতৰ প্ৰাক্তন অধিনায়ক কপিল দেৱেও বোমৰাহৰ বলিং একশ্বনক লৈ প্ৰশ্ন উত্থাপন কৰিছিল । কপিল দেৱে কৈছিল বোমৰাহৰ বলিং একশ্বনেই এনেকুৱা যাৰ বাবে তেওঁ আঘাত হোৱাৰ সম্ভাৱনা অধিক । শৰীৰত কৈ বোমৰাহই বেছি হাতৰ ব্যৱহাৰ কৰে । যিয়ে আঘাতক আমন্ত্ৰণ দিয়ে । বোমৰাহতকৈ ভূৱনেশ্বৰ কুমাৰ হে অধিক সময়লৈ ক্ৰিকেট খেলিব পাৰিব ।

২৬ বছৰীয়া বোমৰাহই ২০১৬ চনৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল । বৰ্তমানলৈকে বোমৰাহই ৬৫ খন এদিনীয়া, ৫০ খন টি-২০ আৰু ১৪ খন টেষ্ট মেচত অংশ গ্ৰহণ কৰিছে । ২০১৮ চনত টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল বোমৰাহৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.