ডুবাই, 12 নৱেম্বৰ: দুবছৰ আগতে জয় লাভ কৰা ঐতিহাসিক টেষ্ট শৃংখলা নিৰ্মাণ কৰাৰ লক্ষ্য বান্ধি দুমহীয়া ভ্ৰমণসূচীৰে বুধবাৰে অষ্ট্ৰেলিয়ালৈ বুলি ৰাওনা হয় ভাৰতীয় ক্ৰিকেট দল ৷ বিমানবন্দৰৰ পৰা প্ৰস্থান কৰাৰ পূৰ্বে বিচিচিআইয়ে ক'ভিড-19 অতিমাৰীৰ বাবে পিপিই কিট পৰিধান কৰা ভাৰতীয় ক্ৰিকেট দলৰ ক্ৰিকেটাৰ সকলৰ ফটো টুইটাৰ যোগে শ্বেয়াৰ কৰে ৷ টুইটাৰ প'ষ্টত কেপচনত বিচিচিআইয়ে এইবুলি লিখে, '#TeamIndia is BACK! Let's embrace the new normal,'
![পিপিই কিট পৰিধান কৰি অষ্ট্ৰেলিয়ালৈ ৰাওনা ভাৰতীয় ক্ৰিকেট দল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9518576_image_cricket.jpg)
উল্লেখ্য যে ইণ্ডিয়া স্কোৱাডৰ গৰিষ্ঠসংখ্যক সদস্যই আইপিএলত প্ৰতিদ্বন্দীতা কৰি আছিল আৰু নিজ নিজ দলৰ অভিযান শেষ হোৱাৰ পাছতেই তেওঁলোকে নতুন অভিযানলৈ বুলি ৰাওনা হৈছে ৷
![চিডনীত অৱতৰণ কৰি 14 দিনৰ বাবে কোৱৰেন্টাইনত থাকিব ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9518576_image_cricket2.jpg)
ভাৰতীয় দলটোৱে চিডনীত অৱতৰণ কৰাৰ পাছত আৰু 14 দিনৰ বাবে কোৱাৰেন্টাইনত থাকিব বুলি জানিব পৰা গৈছে ৷ অৱশ্যে কোৱাৰেন্টাইনৰ কালছোৱাত তেওঁলোকক প্ৰশিক্ষণৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ৷ বহু প্ৰত্যাশিত টেষ্ট শৃংখলাটো দিবা-নৈশ টেষ্টেৰে 17 ডিচেম্বৰৰ পৰা এডেলাইডত আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে ৷ অৱশ্যে বিৰাট কোহলী তেওঁৰ পত্নী অনুস্কা শৰ্মাই তেওঁলোকৰ প্ৰথমটো সন্তানৰ বাবে আশা কৰাৰ পৰিপ্ৰেক্ষিতত কোহলিক প্ৰথমখন টেষ্টৰ পাছতে পিতৃত্বকালীন ছুটী প্ৰদান কৰা হৈছে ৷
লগতে পঢ়ক:কাৰাগাৰৰ পৰা মুকলি হৈয়ে উদ্ধৱ থাকৰেক প্ৰত্যাহ্বান অৰ্ণৱ গোস্বামীৰ