স্পৰ্টছ ডেস্ক, 7 নৱেম্বৰ: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা দখল ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা অন্তিমখন মেচত 6 উইকেটে জয় লাভ কৰি 2-1 ব্যৱধানত শৃংখলা দখল ভাৰতীয় দলটোৰ ৷ ৱেষ্ট ইণ্ডিজ দলটোৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 194 ৰান কৰিবলৈ সক্ষম হয় ৷ ৱেষ্ট ইণ্ডিজ দলটোৰ হৈ অধিনায়ক ষ্টেফেনী টেইলৰে সৰ্বাধিক 79 ৰান কৰিবলৈ সক্ষম হয় ৷ আনহাতে ভাৰতৰ হৈ ঝুলন গোস্বামী আৰু পুনম যাদৱে সৰ্বাধিক 2 টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়৷ আনহাতে শিখা পাণ্ডে,ৰাজেশৱৰী গায়াকুৱাৰ্ড, দিপ্তি শৰ্মাই 1 টা কৈ উইকেট দখল কৰে ৷
ভাৰতে এই প্ৰত্যুত্তৰত 42.1 অভাৰত 4 টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ভাৰত ৷ ভাৰতৰ হৈ জেমিমাহ ৰড্ৰিগেজে 69, স্মৃতি মন্দানাই 74, পুনম ৰাওতে 24, মিথালী ৰাজে 20 ৰানৰ বৰঙণি আগবঢ়াই ৷ স্মৃতি মন্দানাক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰাৰ বিপৰীতে ষ্টেফেনী টেইলৰক প্লেয়াৰ অফ দ্য ছিৰিজ প্ৰদান কৰা হয় ৷
- লগতে চাওক- গুৱাহাটীত অনুষ্ঠিত হ’ব আই পি এল