ETV Bharat / sports

ভাৰত বনাম দক্ষিণ আফ্ৰিকাঃ প্ৰথম দিনৰ অন্তত ভাৰতৰ স্কৰ 273/3

পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এশ্ব’ছিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনা ভাৰতৰ স্কৰ তিনি উইকেটৰ বিনিময়ত 273 ৰান ৷

author img

By

Published : Oct 10, 2019, 7:48 PM IST

ভাৰত বনাম দক্ষিণ আফ্ৰিকাঃ

স্পৰ্টছ ডেস্ক, 10 অক্টোবৰঃ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এশ্ব’ছিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে তিনিখন মেচৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ ৷ প্ৰথম দিনৰ খেলৰ অন্তত 3 উইকেটৰ বিনিময়ত ভাৰতে সংগ্ৰহ কৰিছে 273 ৰান ৷ মেচখনত টছত জয় লাভ কৰি ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

India Vs South Africa: Second Test First day India Scored 273/3
ময়ংক আগৰৱালৰ টেষ্ট কেৰিয়াৰৰ দ্বিতীয়টো শতক

প্ৰথমে বেটিং কৰিবলৈ আহি ভাৰতৰ প্ৰাৰম্ভিক 10 অভাৰৰ ভিতৰতেই হেৰুৱাই প্ৰথম টেষ্টৰ দুটা ইনিংছতে শতক অৰ্জন কৰা ৰোহিত শৰ্মাৰ উইকেট ৷ 25 ৰানৰ দলীয় স্কৰ আৰু ব্যক্তিগত 14 ৰানত ৰাবাডাৰ বলত উইকেটৰ পিচত কেট্ছ আউট হয় ৰোহিত ৷ ইয়াৰ পাচত চেতেশ্বৰ পূজাৰা আৰু ময়ংক আগৰৱালে সুস্থিৰতা প্ৰদান কৰে দলটোক ৷ ময়ংকে কেৰিয়াৰৰ দ্বিতীয়টো শতক অৰ্জন কৰাৰ বিপৰীতে পূজাৰাই অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয় ৷ ময়ংক আগৰৱালে 108 ৰান কৰাৰ বিপৰীতে পূজাৰাই 58 ৰান কৰি পেভিলিয়নমুখী হয় ৷

ভাৰত বনাম দক্ষিণ আফ্ৰিকা
ৰোহিত শৰ্মা

বৰ্তমান বিৰাট কোহলি 63 ৰান আৰু অজ্যিংকা ৰাহানে 18 ৰান কৰি ক্ৰীজত বৰ্তি আছে ৷ দক্ষিণ আফ্ৰিকাৰ হৈ তিনিও টা উইকেট দখল কৰে কাগিছ ৰাবাডাই ৷

ETV SPORTS
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.