স্পৰ্টছ ডেস্ক, 11 অক্টোবৰঃ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছে তিনিখন টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ ৷ পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এশ্ব’ছিয়েচন ষ্টেডিমায়ত অনুষ্ঠিত মেচখনত প্ৰথমে বেটিং কৰি বিশাল স্কৰ ভাৰতৰ ৷ 3 উইকেটৰ বিনিময়ত 601 ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা ভাৰতৰ ৷

ভাৰতৰ হৈ বিৰাট কোহলিয়ে অপৰাজিত 254 ৰান কৰাৰ বিপৰীতে ময়ংক আগৰৱালে 108 ৰানৰ শতকীয় ইনিংছ খেলিবলৈ সক্ষম হয় ৷ আনহাতে অজ্যিংকা ৰাহানেয়ে 59, ৰবিন্দ্ৰ জাডেজাই 91, চেতেশ্বৰ পূজাৰাই 58, ৰোহিত শৰ্মাই 14 ৰানৰ বৰঙণি আগবঢ়ায় ৷

ময়ংক আগৰৱালে প্ৰথম দিনা টেষ্ট কেৰিয়াৰৰ দ্বিতীয়টো শতক অৰ্জন কৰাৰ বিপৰীতে 26 সংখ্যক শতক অৰ্জন কৰা বিৰাটে 150 ৰান সম্পূৰ্ণ কৰি অধিনায়ক হিচাপে ডন ব্ৰেডমেনৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় ৷