ETV Bharat / sports

ভাৰত-দক্ষিণ আফ্ৰিকা প্ৰথম টেষ্টঃ 502 ৰানত প্ৰথম ইনিংছ ঘোষণা ভাৰতৰ - বিশাখাপট্টনম

ময়ংক আগৰৱালৰ দ্বি-শতক আৰু ৰোহিত শৰ্মাৰ শতকীয় ইনিংছৰ ফলত শক্তিশালী স্থিতিত ভাৰত ৷ 7 উইকেটৰ বিনিময়ত 502 ৰানত প্ৰথম ইনিংছ ঘোষণা ভাৰতৰ ৷

India vs South Africa, 1st Test: India declare 1st innings 502/7
author img

By

Published : Oct 3, 2019, 6:52 PM IST

স্পৰ্টছ ডেস্ক, 3 অক্টোবৰঃ বুধবাৰৰ পৰা বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত প্ৰথমখন টেষ্টত শক্তিশালী স্থিতিত ভাৰত ৷ তিনিখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত টছত জয়ী হয় প্ৰথমে বেটিং কৰি 502 ৰান বৃহৎ লক্ষ্য বান্ধিবলৈ সক্ষম হয় ভাৰতে ৷ দ্বিতীয় দিনা 7 উইকেটৰ বিনিময়ত 502 ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৷

India vs South Africa, 1st Test: India declare 1st innings 502/7
ময়ংক-ৰোহিতৰ শতক

ভাৰতৰ হৈ ময়ংক আগৰৱালে টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বি-শতক অৰ্জন কৰাৰ বিপৰীতে প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেট অপেনাৰ ভূমিকাত অৱতীৰ্ণ হোৱা ৰোহিত শৰ্মাই 176 ৰানৰ ইনিংছ খেলিৱলৈ সক্ষম হয় ৷ ময়ংক আগৰৱালে 215, চেতেশ্বৰ পূজাৰা 6, বিৰাট কোহলি 20, অজ্যিংকা ৰাহানে 15, হনুমা বিহাৰী 10, ৰবিন্দ্ৰ জাডেজা আৰু ঋদ্ধিমান সাহাই অপৰাজিত 30 আৰু 21 ৰান কৰিবলৈ সক্ষম হয় ৷ দক্ষিণ আফ্ৰিকাৰ হৈ কেছভ মহাৰাজাই 3 টা, ভেৰণ ফিলেণ্ডাৰ, ডেন পিয়েড, চুন’ৰান মুথুশ্বামি আৰু ডেন এলগাৰে 1 টা কৈ উইকেট ৷

OWN SPORTS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.