ETV Bharat / sports

ৰাজকোটত আজি ভাৰত-বাংলাদেশৰ মাজত দ্বিতীয়খন টি-20 মেচ

author img

By

Published : Nov 7, 2019, 12:13 PM IST

ভাৰত-বাংলাদেশৰ মাজত আজি অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-20 মেচ ৷ সৌৰাষ্ট্ৰ ক্ৰিকেট এশ্ব’চিয়েছন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব তিনিখন মেচৰ টি-20 শৃংখলাৰ দ্বিতীয়খন মেচ ৷

ৰাজকোটত আজি ভাৰত-বাংলাদেশৰ মাজত দ্বিতীয়খন টি-20 মেচ

স্পৰ্টছ ডেস্ক, 7 নৱেম্বৰ: আজি ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচ ৷ তিনিখন মেচৰ টি-20 শৃংখলাৰ দ্বিতীয়খন মেচ সন্ধিয়া 7 বজাত অনুষ্ঠিত হ’ব সৌৰাষ্ট্ৰ ক্ৰিকেট এশ্ব’চিয়েছন ষ্টেডিয়ামত ৷ এই মেচখনত ভাৰতৰ লক্ষ্য হ’ব জয় লাভ কৰি শৃংখলাত সমতা স্থাপন কৰাৰ ৷ দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত প্ৰথমখন মেচত 7 উইকেটত পৰাজয়বৰণ কৰিছিল ভাৰতে ৷ বাংলাদেশৰ হাতত টি-20 ত প্ৰথমবাৰৰ বাবে পৰাস্ত হৈছিল ভাৰতীয় দলটো ৷ দুয়োটা দলৰে ইয়াৰ পূৰ্বে 9 খন মেচত মুখামুখি হৈছে ৷ য’ত 8 খনত ভাৰতে আৰু 1 খনত বাংলাদেশে জয় লাভ কৰিছে ৷

ভাৰত-বাংলাদেশ  দ্বিতীয়খন টি-20 মেচ
ভাৰত-বাংলাদেশ দ্বিতীয়খন টি-20 মেচ

দ্বিতীয়খন মেচত ভাৰতীয় দলটোত কিছু সাল-সলনিৰ সম্ভাৱনা আছে ৷ পন্তৰ স্থানত সঞ্জু ছেমচনক দলত স্থান দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ৷ আনহাতে অহা 10 নৱেম্বৰত নাগপুৰত অনুষ্ঠিত হ’ব অন্তিমখন টি-20 মেচ ৷

ভাৰতীয় দলটো হৈছে- ৰোহিত শৰ্মা (অ:), শিখৰ ধাৱন, কে.এল ৰাহুল, সঞ্জু ছেমচন, শ্ৰেয়াছ আয়াৰ, মনীষ পাণ্ডে, ঋষভ পন্ত, ৱাছিংটন সুন্দৰ, ক্ৰোণাল পাণ্ডিয়া, যুজৱেন্দ্ৰ চহল, ৰাহুল চহৰ, খলীল আহমেদ, শিৱম ডুৱে, শাৰ্দুল ঠাকুৰ ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.