স্পৰ্টছ ডেস্ক, 4 ডিচেম্বৰ : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আজি প্ৰথমখন টি-20 মেচত অৱতীৰ্ণ হ'ব বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দল ৷ মেচখন অনুষ্ঠিত হ'ব কেনবেৰাৰ মেনুকা অ'ভেলত ৷ উল্লেখ্য যে, পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ মাটিতে 9 খন টি-20 মেচত মুখামুখি হৈ 5 খন মেচতে জয়ী হৈছে ভাৰতীয় দল ৷ এই পৰিসংখ্যাই ভাৰতক আত্মবিশ্বাস প্ৰদান কৰিব বুলি আশা কৰা হৈছে ৷
ইয়াৰ পূৰ্বে অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 1-2 ব্যৱধানত শৃংখলা হেৰুৱায় ৷ প্ৰথম দুখন মেচত পৰাস্ত হ'লেও ভাৰতে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই তৃতীয় এদিনীয়াত জয় সাব্যস্ত কৰিছিল ৷ শৃংখলা হেৰুৱালেও তৃতীয় এদিনীয়াৰ প্ৰদৰ্শনৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল ভ্ৰমণকাৰী ভাৰতীয় দলটো ৷
আনহাতে, টি-20 শৃংখলাৰ পাচতে চাৰিখনীয়া টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ভাৰতীয় দল ৷
স্কোৱাড :
ভাৰত : বিৰাট কোহলী (অধিনায়ক), শিখৰ ধাৱান, মায়ংক আগৰৱাল, কে. এল. ৰাহুল, শ্ৰেয়াস আয়াৰ, মনিষ পাণ্ডে, হাৰ্ডিক পাণ্ডিয়া, সঞ্জু চেমছেন, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, য়ুজবেন্দ্ৰ চাহাল, জছপ্ৰীত বুমৰাহ, মহম্মদ ছামী, নৱদ্বীপ ছাইনী, দীপক চাহাৰ, টি. নটৰাজন ৷
অষ্ট্ৰেলিয়া : এৰন ফিন্স (অধিনায়ক), ছিয়েন এবট, এলেক্স কেৰী, পেট কামিনছ, কেমেৰন গ্ৰীন, জছ হেজলউদ, মইচেছ হেনৰিকছ, মাৰ্নাছ লাবুছেইন, গ্লেন মেক্সৱেল. ডেনিয়েল ছেমচ, কেন ৰিচাৰ্ডছন, ষ্টিভ স্মিথ, মিটছেল ষ্টাৰ্ক, মাৰ্কাছ ষ্টইনিছ, মেথিউ ৱেড, শ্বৰ্ট, আদাম জাম্পা ৷
লগতে পঢ়ক : ব্ৰাজিলিয়ান ফুটবলাৰক চেৰ পেলাই নতুন বিশ্ব ৰেকৰ্ড কেৰালাৰ কিশোৰীৰ