ETV Bharat / sports

1 ৰানত পৰাস্ত ভাৰতীয় মহিলা ক্ৰিকেট দল

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৰোমাঞ্চকৰ মেচত পৰাজয়বৰণ ভাৰতৰ ৷ 1 ৰানত পৰাস্ত হয় ভাৰতীয় মহিলা ক্ৰিকেট দলটো ৷ প্ৰথমখন এদিনীয়াত ৰোমাঞ্চক জয় লাভ ৱেষ্ট ইণ্ডিজ মহিলা দলৰ ৷

author img

By

Published : Nov 2, 2019, 7:48 PM IST

1 ৰানত পৰাস্ত ভাৰতীয় মহিলা দল

স্পৰ্টছ ডেস্ক, 2 অক্টোবৰ: আই চি চি ৰ মহিলা চেম্পিয়নশ্বিপৰ অধীনত অনুষ্ঠিত হোৱা এক ৰোমাঞ্চকৰ মেচত জয় লাভ ৱেষ্ট ইণ্ডিজৰ ৷ ভাৰতৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত 1 ৰানত জয় লাভ কেৰেবিয়ান দলটোৰ ৷ ৱেষ্ট ইণ্ডিজ দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 7 টা উইকেট হেৰুৱাই 225 ৰান কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটো 224 ৰানত অল আউট হয় ৷ ভাৰতৰ হৈ প্ৰিয়া পুনীয়াই 75 ৰানৰ ইনিংছ খেলে যদিও মেচখন দখল সক্ষম নহয় ৷

ভাৰত বনাম ৱেষ্ট ইণ্ডিজ
ভাৰত বনাম ৱেষ্ট ইণ্ডিজ

মেচখনত ৱেষ্ট ইণ্ডিজ দলটোৱে টছত জয়ী হৈ প্ৰথমে বেটিং কৰি সুন্দৰ আৰম্ভণী কৰি দলৰ বাবে অৰ্ধশতকীয় সহযোগিতা কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ প্ৰথমটো সফলতা লাভ কৰে দীপ্তি শৰ্মাই ৷ ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক ষ্টেফেনী টেইলৰে 94 ৰান কৰাৰ বিপৰীতে নাটাছা মেকলেনে 51, চিডেন নেশ্বনে 43 ৰান কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ দীপ্তি শৰ্মাই 2 টা, শিখা পাণ্ডে 2 টা, ঋুলন গোস্বামী, একতা বিষ্ট, আৰু পুনম যাদৱে 1 টাকৈ উইকেট লাভ কৰে ৷ ইপিনে ভাৰতে বেটিং কৰি 50 অভাৰত 224 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

ভাৰতৰ হৈ প্ৰিয়া পুনীয়াই সৰ্বাধিক 75 ৰান সংগ্ৰহ কৰে ৷ আনহাতে জেমিমাহ ৰড্ৰিগেজে 41, পুনম ৰাৱটে 22, অধিনায়ক মিথালী ৰাজে 20, হৰমনপ্ৰীতে কৌৰে 5, দীপ্তি শৰ্মাই 19, তানিয়া ভাটিয়াই 5, ঋুলন গোস্বামীয়ে 14 ৰানৰ বৰঙণি দিয়ে ৷ ৱেষ্ট ইণ্ডিজৰ হৈ আনিশা মহম্মদে সৰ্বাধিক 5 টা, ষ্টেফেনী টেইলৰ আৰু ছাবিকা গাজনাবীয়ে 2 টা উইকেট দখল কৰে ৷ ষ্টেফেনী টেইলক তেওঁৰ অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে মেন অউ দ্য মেচৰ খিতাপ ঘোষণা কৰা হয় ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.