স্পৰ্টছ ডেস্ক, 22 নৱেম্বৰ: শুকুৰবাৰৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছে ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচ ৷ দুখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন মেচত শক্তিশালী স্থিতিত ভাৰত ৷ প্ৰথম দিনৰ খেলৰ অন্তত 3 উইকেটৰ বিনিময়ত 174 ৰান সংগ্ৰহ বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটোৰ ৷

ভাৰতৰ হৈ বৰ্তমান ক্ৰীজত বৰ্তি আছে অধিনায়ক বিৰাট কোহলি (59) আৰু অজ্যিংকা ৰাহানে (23) ৷ কোহলিয়ে 32 ৰান সম্পূৰ্ণ কৰাৰ লগে-লগেই অধিনায়ক হিচাপে টেষ্ট ক্ৰিকেটত দ্ৰুততম 5000 ৰান কৰা বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷ 5000 ৰান সম্পূৰ্ণ কৰা ষষ্ঠগৰাকী অধিনায়ক হৈছে বিৰাট ৷ আনহাতে 5000 ৰান সম্পূৰ্ণ কৰা ভাৰতৰ প্ৰথমগৰাকী অধিনায়ক হৈছে বিৰাট ৷ ইপিনে ভাৰতৰ হৈ ময়ংক আগৰৱাল 14, ৰোহিত শৰ্মা 21 আৰু চেতেশ্বৰ পূজাৰাই 55 ৰান কৰিবলৈ সক্ষম হয় ৷

লগতে চাওক- পিংক বলৰে চমক সৃষ্টি ইশান্তৰ
ঐতিহাসিক টেষ্ট মেচখনত দুৰ্দান্ত প্ৰদৰ্শন ভাৰতীয় দলটোৰ ৷ টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ অহা বাংলাদেশ দলটোৱে ভাৰতীয় পেছ বলিঙৰ আগত ধৰাশায়ী হয় ৷ দলটোৱে ক্ৰীজত কেৱল 30.3 অভাৰ তিষ্টি থাকি আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে কেৱল 106 ৰান ৷ বাংলাদেশৰ হৈ সৰ্বাধিক 23 ৰান কৰিবলৈ সক্ষম হয় শ্বাদমান ইছলামে ৷ আনহাতে ইমৰুল কায়েছ 4, অধিনায়ক মমিনুল হক 0, মহম্মদ মিথুন 0, মুছফিকুৰ ৰহিম 0, মহম্মদুল্লাহ 6, লিটন দাস 24 (ৰিটায়াৰ হাৰ্ট), নায়িম হাছান 19, ইবাদত হুছেইন 1, মেহন্দি হাছান 8, আবু জায়েদ 0 আৰু অল-আমিন হুছেইনে অপৰাজিত 1 ৰান কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ মেচখনত ইশান্ত শৰ্মাই লাভ কৰে পাঁচটা উইকেট ৷

দিবা-নৈশ টেষ্টত পাঁচটা উইকেট লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈল হয় ইশান্ত ৷ ইশান্ত শৰ্মাই 12 অভাৰত 22 ৰান দি 5 টা, উমেশ যাদৱে 7 অভাৰত 29 ৰান দি 3 টা, মহম্মদ শ্বামীয়ে 10.3 অভাৰত 36 ৰান দি 2 টা উইকেট দখল কৰে ৷

ইপিনে মেচখনত উইকেটৰ পিচত 100 টা সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ভাৰতৰ উইকেটকীপাৰ ঋদ্ধিমান শ্বাহাই ৷
- লগতে চাওক- উইকেটৰ পিছত শ্বাহাৰ ‘শতক’