স্পৰ্টছ ডেস্ক, 5 জানুৱাৰীঃ ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন টি-20 মেচত বিধি-পথালিৰ সৃষ্টি কৰিব পাৰে বৰষুণে ৷ তিনিখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন মেচ দেওবাৰে অৰ্থাৎ আজি সন্ধিয়া 7 বজাত অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৷ দুয়োটা দলে ইতিমধ্যে বৰ্ষটোৰ প্ৰথমখন মেচক লৈ তুংগত ৰাখিছে অনুশীলন ৷ দুয়োটা দলেই খেলখনত জয়েৰে বৰ্ষটোৰ আৰম্ভণি কৰাৰ যথোপোযুক্ত চেষ্টা চলাব ৷
অৱশ্যে বৰষুণে মেচখনত বিধি-পথালিৰ সৃষ্টি কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ সূত্ৰ অনুসৰি আজি গুৱাহাটীত বৰষুণৰ লগতে ধুমুহা-বতাহ বলাৰ সম্ভাৱনা আছে ৷
কিন্তু যদিহে বতৰে বিধি-পথালি নিদিয়ে তেন্তে দৰ্শকে এক সুন্দৰ খেল উপভোগ কৰিব পাৰিব বুলি অনুমান কৰা হৈছে ৷ অৱশ্যে ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে আন এটা দুঃখবৰ এইযে অনুশীলনৰ সময়ত বাওঁহাতৰ কেঞা আঙুলিত আঘাতৰ সন্মুখীন হৈছিল বিৰাট ৷
- লগতে চাওক- গুৱাহাটী টি-20: আঘাতপ্ৰাপ্ত বিৰাট কোহলি !