ETV Bharat / sports

ভাৰত-দক্ষিণ আফ্ৰিকাঃ দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনা ময়ংকৰ শতক

দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত চলি থকা দ্বিতীয়খন টেষ্টত ময়ংক আগৰৱালৰ শতক ৷ কেৰিয়াৰৰ দ্বিতীয়টো শতক ময়ংকৰ ৷

author img

By

Published : Oct 10, 2019, 4:41 PM IST

ভাৰত-দক্ষিণ আফ্ৰিকাঃ দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনা ময়ংকৰ শতক

স্পৰ্টছ ডেস্ক, 10 অক্টোবৰঃ বিশাখাপট্টনমৰ পাচত পুণেত শতক অৰ্জন ময়ংক আগৰৱালৰ ৷ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এশ্বছিয়েচন ষ্টেডিমায়ত অনুষ্ঠিত হৈ থকা দ্বিতীয়খন টেষ্টত কেৰিয়াৰৰ দ্বিতীয়টো শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ৷ ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিং কৰি চাহ সময়লৈ 2 উইকেট হেৰুৱাই 168 ৰান কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতৰ হৈ ৰোহিত শৰ্মাই 14, চেতেশ্বৰ পূজাৰাই 58 ৰানৰ বৰঙণি দিয়ে ৷ বৰ্তমান ময়ংকৰ সৈতে ক্ৰীজত অৱস্থিত আছে অধিনায়ক বিৰাট কোহলি ৷

ময়ংক আগৰৱাল
ময়ংক আগৰৱাল

উল্লেখ্য যে, বিশাখাপট্টনমত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচত দ্বি-শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ময়ংকে ৷

ind-vs-rsa-2nd-test Mayank Agarwal Century
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.