ETV Bharat / sports

ৱালিংটনত টেষ্ট ট্ৰফীৰ সৈতে বিৰাট-উলিয়ামচন

author img

By

Published : Feb 19, 2020, 10:45 AM IST

21 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট মেচ ৷ বুধবাৰে ৱালিংটনত ট্ৰফীৰ সৈতে দেখা পোৱা গ’ল দুই অধিনায়কক ৷

Ind vs NZ, Test match trophy in Wellington, ৱালিংটনত টেষ্ট ট্ৰফীৰ সৈতে বিৰাট-উলিয়ামচন
ৱালিংটনত টেষ্ট ট্ৰফীৰ সৈতে বিৰাট-উলিয়ামচন

স্পৰ্টছ ডেস্ক, 19 ফেব্ৰুৱাৰীঃ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজত দুখন টেষ্ট মেচ শৃংখলাৰ প্ৰথমখন টেষ্ট ৷ ইতিমধ্যে এই শৃংখলাৰ বাবে ৱালিংটনত গৈ উপস্থিত হৈছে দুয়োটা দল ৷ বুধবাৰে ৱালিংটনত ট্ৰফীৰ সৈতে দুয়োটা দলৰ অধিনায়কে ফটো উঠা পৰিলক্ষিত হয় ৷

ৱালিংটনত ভাৰতীয় দলৰ অনুশীলন
ৱালিংটনত ভাৰতীয় দলৰ অনুশীলন

ৱালিংটনৰ বাছিন ৰিজাৰ্ভত 21 পৰা 25 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট মেচ ৷ আনহাতে দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব খ্ৰীষ্টচাৰ্চত 29 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈ ৷

উল্লেখ্য যে, এই শৃংখলাত নিউজিলেণ্ড দলটোত ট্ৰেণ্ট বল্টৰ পুনৰ দলত প্ৰত্যাৱৰ্তন হোৱাৰ বিপৰীতে 6 ফুট 8 ইঞ্চিৰ কাইল জেমিছনক আঘাতপ্ৰাপ্ত লকী ফাৰ্গুছনৰ স্থানত দলত সুযোগ দিয়া হৈছে ৷ আনহাতে নেইল ৱেগনাৰৰ অনুপস্থিতিত খেলিবলৈ মেট হেনৰীক দলত ৰখা হৈছে ৷ ইফালে ফিটনেছ টেষ্টত উত্তীৰ্ণ হৈ ভাৰতৰ দ্ৰুতবেগী বলাৰ ইশান্ত শৰ্মাই বৃহস্পতিবাৰে দলটোৰ সৈতে ৱালিংটনত মিলিত হ’ব ৷

লগতে চাওক- গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা ফিফা 17 অনুৰ্ধ্ব বিশ্বকাপৰ উদ্বোধনী মেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.