স্পৰ্টছ ডেস্ক, 2 ডিচেম্বৰ : বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বুধবাৰে মেনুকা অভেলত অনুষ্ঠিত হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম এদিনীয়া মেচ ৷
আইপিএলত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা টি নটৰাজনে আজিৰ মেচৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ ঘটায় ৷ মহম্মদ ছামীৰ স্থানত দলত অন্তৰ্ভূক্ত কৰা হৈছে নটৰাজনক ৷ ইয়াৰোপৰি দলত স্থান লাভ কৰিছে শুভমন গীল, শাৰদুল ঠাকুৰ, কুলদীপ যাদৱে ৷ মায়ংক আগৰৱালৰ স্থানত দলত অন্তৰ্ভূক্ত কৰা হৈছে গীলক ৷
আনহাতে, অষ্ট্ৰেলিয়ান দলত তিনিটাকৈ সালসলনি ঘটোৱা হৈছে ৷ মিটছেল ষ্টাৰ্ক, ডেভিদ ৱাৰ্ণাৰ আৰু পেট কামিনছক দলত অন্তৰ্ভূক্ত কৰা হৈছে ৷
ইতিমধ্যেই 2-0 ত শৃংখলা হেৰুওৱা ভাৰতীয় দলে আজিৰ মেচত জয়েৰে টি-20 ছিৰিজলৈ আত্মবিশ্বাস অৰ্জন কৰাৰ চেষ্টা চলাব ৷ আনহাতে, 0-3 ত পৰাস্ত হ'লে এয়া ভাৰতীয় দলে ক্ৰমাগতভাৱে দ্বিতীয়টো শৃংখলাত পৰাজয়বৰণ কৰিব ৷ উল্লেখ্য যে, এই বছৰৰ আৰম্ভণিতে নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা হেৰুৱাইছিল ভাৰতে ৷
স্কোৱাড :
ভাৰতীয় দল : শিখৰ ধাৱান, শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াস আয়াৰ, কে. এল. ৰাহুল, হাৰ্ডিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, শাৰদুল ঠাকুৰ, কুলদীপ যাদৱ, জছপ্ৰীত বুমৰাহ, টি. নটৰাজন ৷
অষ্ট্ৰেলিয়া দল : এৰন ফিন্স, মাৰ্নাছ লাবুছেইন, ষ্টিভেন স্মিথ, মইছেচ হেনৰিকছ, এলেক্স কেৰী, কেমৰন গ্ৰীন, এষ্টন আগৰ, ছিয়ন এবট, আদাম জাম্পা, জছ হেজলউদ ৷
লগতে পঢ়ক : লেগ স্পীনাৰ য়ুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বৰ্মাৰ বিশেষ মুহূৰ্তৰ কিছু আলোকচিত্ৰ...