নিউজ ডেস্ক, ২৪ ফেব্ৰ্ুৱাৰী: অষ্ট্ৰেলিয়াত ক্ৰিকেটৰ তিনিওটা ফৰমেটতে ঐতিহাসিক জয় সাব্যস্ত কৰাৰ পাচত এইবাৰ ভাৰতীয় দল পুনৰ কেংগাৰুবাহিনীৰ মুখামুখি হ'ব । বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলে নিজৰ মাটিত আজিৰ পৰা খেলিব প্ৰথমখন টি-২০ মেচ । বহুপ্ৰতিক্ষীত বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলৰ বাবে এই ছিৰিজটো হৈ পৰিছে চূড়ান্ত অনুশীলনস্বৰূপ।
উল্লেখ্য যে, ২৪ ফেব্ৰ্ুৱাৰী, দেওবাৰে ৱাই এচ ৰাজাচেখাৰা ৰেড্ডী ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সমুখসমৰত নামিব ।