ETV Bharat / sports

মহিলা টি-20 বিশ্বকাপ: ছেমিফাইনেলত অষ্ট্ৰেলিয়া

author img

By

Published : Mar 2, 2020, 8:08 PM IST

নিউজিলেণ্ডক পৰাস্ত কৰি ছেমিফাইনেলত স্থান লাভ অষ্ট্ৰেলিয়াৰ ৷ মহিলা টি-20 বিশ্বকাপত ছেমিফাইনেলত স্থান সুনিশ্চিত কৰিলে ইংলেণ্ড, ভাৰত, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই ৷

icc womens t20 wc ,মহিলা টি-20 বিশ্বকাপ, ছেমিফাইনেলত অষ্ট্ৰেলিয়া
মহিলা টি-20 বিশ্বকাপ: ছেমিফাইনেলত অষ্ট্ৰেলিয়া

স্পৰ্টছ ডেস্ক, 2 মাৰ্চ: এক ৰোমাঞ্চকৰ মেচত নিউজিলেণ্ডক পৰাস্ত কৰি আইচিচি মহিলা টি-20 বিশ্বকাপৰ ছেমিফাইনেলত স্থান সুনিশ্চিত কৰিলে কেংগাৰু মহিলা বাহিনীয়ে ৷ অন্তিম গ্ৰুপ মেচত 4 ৰানত জয় লাভ কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়া মহিলা দলটোৱে ৷

icc womens t20 wc ,মহিলা টি-20 বিশ্বকাপ, ছেমিফাইনেলত অষ্ট্ৰেলিয়া
ইংলেণ্ড, ভাৰত, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা মহিলা টি-20 বিশ্বকাপৰ ছেমিফাইনেলত

সোমবাৰে অনুষ্ঠিত মেচখনত নিউজিলেণ্ড টছত জয় লাভ কৰি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ নিউজিলেণ্ডৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 155 ৰান ৷ অষ্ট্ৰেলিয়াৰ হৈ বেথ মুনীয়ে সৰ্বাধিক 60 ৰান কৰে ৷ আনহাতে অধিনায়ক মেগ লেনিনে 21, ইলিছ পেৰি 21, এছেলে'ঘ গাৰ্ডনেৰ 20 ৰানৰ বৰঙণি আগবঢ়ায় ৷

নিউজিলেণ্ডক পৰাস্ত কৰি মহিলা টি-20 বিশ্বকাপৰ ছেমিফাইনেলত স্থান লাভ অষ্ট্ৰেলিয়া

ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ড দলটোৱে 7 উইকেট হেৰুৱাই 150 ৰান হে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দলটোৰ হৈ সৰ্বাধিক অপৰাজিত হৈ 37 ৰান সংগ্ৰহ কৰে কেটে মাৰ্টিনে ৷ আনহাতে ছফি ডিভাইনে 31, মেডী গ্ৰীনে 28 ৰান কৰে ৷ অষ্ট্ৰেলিয়াৰ হৈ মেগন স্ক’ট আৰু জৰ্জিয়া ৱাৰ্য়েহমে 3 টাকৈ উইকেট লাভ কৰে ৷

এতিয়া অষ্ট্ৰেলিয়াই ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিপৰীতে ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব দক্ষিণ আফ্ৰিকা ৷

লগতে চাওক- মহিলা টি-20 বিশ্বকাপ: ভাৰতৰ বিৰুদ্ধে ছেমিফাইনেলত দক্ষিণ আফ্ৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.