স্পৰ্টছ ডেস্ক, 18 জানুৱাৰীঃ শুকুৰবাৰৰ পৰা দক্ষিণ আফ্ৰিকাত আৰম্ভ হৈছে আইচিচি 19 বছৰ অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ৷ প্ৰথমখন উদ্বোধনী মেচত আফগানিস্তান দলৰ হাতত 7 উইকেটত পৰাজয়ৰ সন্মুখীন হয় আয়োজক দেশ দক্ষিণ আফ্ৰিকা ৷
ইয়াৰ বিপৰীতে টুৰ্ণামেণ্টৰ দ্বিতীয় দিনা মুখামুখি হৈছে মুঠ 8 টা কৈ দল ৷ বাংলাদেশেৰ বিৰুদ্ধে জিম্বাবৱে, নিউজিলেণ্ডৰ বিৰুদ্ধে জাপান, সংযুক্ত আৰৱ আমিৰেটৰ বিৰুদ্ধে কানাডা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজ ৷
ইপিনে দেওবাৰে এই টুৰ্ণামেণ্টৰ নিজৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো ৷ প্ৰিয়ম গাৰ্গৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন মেচত মুখামুখি হ’ব ৷ 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ডেফেণ্ডিং চেম্পিয়ন হৈছে ভাৰত ৷
টুৰ্ণামেণ্টৰ গ্ৰুপ সমূহ হৈছে-
‘গ্ৰুপ এ’- ভাৰত, জাপান, নিউজিলেণ্ড, শ্ৰীলংকা
‘গ্ৰুপ বি’- অষ্ট্ৰেলিয়া, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, নাইজেৰীয়া
‘গ্ৰুপ চি’- বাংলাদেশ, পাকিস্তান, স্কটলেণ্ড, জিম্বাবৱে
‘গ্ৰুপ ডি’- আফগানিস্তান, কানাডা, দক্ষিণ আফ্ৰিকা, সংযুক্ত আৰব আমিৰেট