স্পৰ্টছ ডেস্ক, 9 ফেব্ৰুৱাৰী : দেওবাৰে অনুষ্ঠিত হোৱা আইচিচি অনুৰ্দ্ধ-19 বিশ্বকাপ ফাইনেলত টছত জয়ী হৈ ভাৰতীয় দলক বেটিঙৰ বাবে আমন্ত্ৰণ কৰে বাংলাদেশ দলে ৷ দক্ষিণ আফ্ৰিকাৰ চেনৱেছ পাৰ্কত অনু্ষ্ঠিত মেচত জয়েৰে পঞ্চমটো অনুৰ্দ্ধ-19 বিশ্বকাপৰ খিতাপ দখল কৰাৰ লক্ষ্য বান্ধি লৈছে ভাৰতীয় দলে ৷

প্ৰিয়ম গাৰ্গ নেতৃত্বাধীন ভাৰতীয় দলে নকআউট পৰ্যায়ত অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ দৰে দলক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ৷ 2018 চনৰ লগতে পূৰ্বে চাৰিবাৰ অনুৰ্দ্ধ-19 বিশ্বকাপৰ খিতাপ দখল কৰা দলটোৱে দেওবাৰৰ ফাইনেলতো দমন অব্যাহত ৰখাৰ চেষ্টা কৰিব ৷

আনহাতে, বাংলাদেশে প্ৰথমবাৰৰ বাবে অনুৰ্দ্ধ-19 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ ফাইনেলত প্ৰৱেশৰ পূৰ্বে দলটোৱে কোৱাৰ্টাৰ ফাইনেলত আয়োজক দক্ষিণ আফ্ৰিকা আৰু ছেমি ফাইনেলত নিউজিলেণ্ড দলক পৰাস্ত কৰে ৷
আৰু পঢ়ক : আজি 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেল মেচ, সন্মুখত দুই এছিয়ান দেশ