ETV Bharat / sports

আইচিচি ৰেংকিংঃ ষ্টিভ স্মিথক পিচ পেলাই শীৰ্ষত বিৰাট কোহলী - ষ্টিভ স্মিথক পৰাস্ত কৰি শীৰ্ষ স্থান নিজৰ দখলত ৰাখিলে কোহলীয়ে

ষ্টিভ স্মিথৰ পৰা টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান আজুৰিলে বিৰাট কোহলীয়ে ৷ 928 পইন্ট সংগ্ৰহেৰে শীৰ্ষ স্থান দখল কৰে ভাৰতীয় অধিনায়কগৰাকীয়ে ৷

টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান দখল
বিৰাট কোহলী
author img

By

Published : Dec 4, 2019, 4:06 PM IST

স্পৰ্টছ ডেস্ক, 4 ডিচেম্বৰঃ বুধবাৰে আইচিচিয়ে ঘোষণা কৰা টেষ্ট ৰেংকিঙত ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় ৷ অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথৰ পৰা শীৰ্ষ স্থান আঁজুৰি আনি নিজৰ দখলত ৰাখে ভাৰতৰ অন্যতম সফল অধিনায়কগৰাকীয়ে ৷ শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে সমাপ্ত হোৱা টেষ্ট ছিৰিজত কোহলীয়ে 136 ৰাণৰ এক সুন্দৰ ইনিংছ উপহাৰ দিছিল ৷ ইডেন গাৰ্ডেনত অনুষ্ঠিত দিবা-নৈশ টেষ্ট মেচখনৰ জৰিয়তে কোহলীয়ে 928 পইন্ট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

আনহাতে, পাকিস্তানৰ বিৰুদ্ধে এডিলেইড মেচত কেৱল 36 ৰাণ সংগ্ৰহ কৰা বাবে ষ্টিভ স্মিথে 931 পইন্টৰ পৰা 923 পইন্টলৈ অৱনমিত হয় ৷ বৰ্তমান কোহলী স্মিথতকৈ 8 পইন্টেৰে অগ্ৰগতি লাভ কৰি আছে ৷ কিন্তু এই বছৰত আৰু টেষ্ট মেচ নথকাৰ বাবে ভাৰতীয় অধিনায়কগৰাকীয়ে পইন্ট তালিকাত আৰু পইন্ট সংগ্ৰহ কৰিবলৈ সক্ষম নহ'ব ৷ আনহাতে, স্মিথে নিউজিলেণ্ডৰ বিৰুদ্ধে আৰু দুখন টেষ্ট মেচত অৱতীৰ্ণ হ'ব ৷

ৰেংকিঙত অষ্ট্ৰেলিয়ান অ'পেনাৰ ডেভিদ ৱাৰ্ণাৰে 335 ৰাণৰ জৰিয়তে 12 টাকৈ স্থান উৰ্দ্ধগামী হৈ পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয় ৷

টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান দখল
বিৰাট কোহলী

বলাৰৰ ৰেংকিঙত পেচাৰ মিটছেল ষ্টাৰ্কে পাকিস্তানৰ বিৰুদ্ধে এডিলেইড টেষ্টত সাতটাকৈ উইকেট দখল কৰাৰ বাবে 14 সংখ্যক স্থান দখল কৰে ৷

আৰু পঢ়ক : নৌসেনা দিৱসৰ শুভক্ষণত 'সাহসী' নৌকৰ্মীক অভিবাদন প্ৰধানমন্ত্ৰী মোডীৰ

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.