ETV Bharat / sports

9 বছৰ পাচত পুনৰ "2011 বিশ্বকাপৰ ফাইনেল" মেচ ফিক্সড থকাৰ বিস্ফোৰক অভিযোগ

author img

By

Published : Jun 19, 2020, 3:12 PM IST

শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰীড়ামন্ত্ৰীৰ মহিন্দানন্দ আলুথগামগেৰ বিস্ফোৰক মন্তব্যই এতিয়া জোকাৰণি সৃষ্টি কৰিছে ক্ৰিকেট মহলত । 2011 চনৰ এদিনীয়া বিশ্বকাপত ভাৰতৰ হাতত শ্ৰীলংকাৰ পৰাজয় সহজ ভাৱে ল'ব পৰা নাই সেই সময়ৰ ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ।

ICC 2011 World Cup India vs Sri Lanka final Match was fixed, claims former SL Sports Minister

স্পৰ্টছ ডেস্ক, 19 জুনঃ ধোনীৰ নেতৃত্বতেই 2011 চনৰ বিশ্বকাপৰ খিতাপ জয় কৰি দ্বিতীয়বাৰৰ বাবে বিশ্বচেম্পিয়ন হৈছিল ভাৰত । কিন্তু সূদূৰ 9 বছৰ পাচত পুনৰ উঠিছে এক বিস্ফোৰক অভিযোগ । ইচ্ছাকৃতভাৱে শ্ৰীলংকা দলটোৱে ফাইনেলত পৰাস্ত হোৱা বুলি দাবী উত্থাপন কৰি মেচখন ফিক্সড থকা বুলি উল্লেখ কৰিছে সেই সময়ৰ শ্ৰীলংকাৰ ক্ৰীড়ামন্ত্ৰী মহিন্দানন্দ আলুথগামগেয়ে ।

কুমাৰ ছাংগাকাৰা
কুমাৰ ছাংগাকাৰা

উল্লেখ্য় যে, 2011 চনৰ 2 এপ্ৰিলত মুম্বাই ৱাংখাড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল 2011 চনৰ ঐতিহাসিক বিশ্বকাপ ফাইনেল মেচখন । য'ত ভাৰতে ফাইনেল মেচখনত শ্ৰীলংকাক 6 উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল । কিন্তু 9 বছৰ পাচত এই পৰাজয়ক লৈয়ে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰীড়ামন্ত্ৰীগৰাকীৰ বিস্ফোৰক অভিযোগ । 2011 চনৰ বিশ্বকাপৰ ফাইনেল মেচ ফিক্সড আছিল বুলি উল্লেখ কৰিছে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয়, "মই মোৰ মন্তব্যৰ দায়িত্ব গ্ৰহণ কৰিছো আৰু তৰ্কৰ বাবে সাজু আছো । মই ইয়াত খেলুৱৈক সকলক জড়িত নকৰাও কিন্তু কিছু সংগঠন এই মেচখন ফিক্সড কৰোৱাত জড়িত আছিল ।"

ইয়াৰ পাচতেই এই সন্দৰ্ভত সেই সময়ৰ শ্ৰীলংকাৰ অধিনায়ক তথা প্ৰাক্তন খেলুৱৈ কুমাৰ ছাংগাকাৰা আৰু মহেলা জয়াবৰ্ধনেয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

ছাংগাকাৰাই কয়, কোনো অনুমান কৰাৰ দৰকাৰ নাই আৰু তেওঁ ইয়াৰ গভীৰলৈ যাব পাৰে । তদন্তৰ এইটো সঠিক কাৰ্যক্ৰম হ'ব ।

  • He needs to take his “evidence” to the ICC and the Anti corruption and Security Unit so the claims can be investigated throughly https://t.co/51w2J5Jtpc

    — Kumar Sangakkara (@KumarSanga2) June 18, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে জয়াবৰ্ধনেও আলুথগামগেৰ মন্তব্য়ক তীৰ্যক বাক্যৰে কয়, নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছে নেকি ? যে চাৰ্কাছ আৰম্ভ হৈছে, সেইয়া পছন্দ হৈছে, নাম আৰু প্ৰমাণ ?

উল্লেখ্য়ে ২০১১ চনৰ বিশ্বকাপৰ ফাইনেলকলৈ এটোৱেই প্ৰথম অভিযোগ নহয় । ইয়াৰ পূৰ্বেও ২০১৭ চনত শ্রীলংকাৰ প্রাক্তন অধিনায়ক অর্জুনা ৰাণাতুংগাই এই সন্দর্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ৷ তেওঁ বিশ্বকাপৰ ফাইনেল মেচখন তদন্তৰ দাবী তুলি শ্ৰীলংকাৰ ক্ৰিকেটাৰৰ প্ৰদৰ্শন সন্দেহজনক আছিল বুলি কৈছিল ।

লগতে চাওকঃ তিন মূৰ্তি চৌকৰ পৰা চীনা দূতাবাসলৈ চীন বিৰোধী প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.