স্পৰ্টছ ডেস্ক, 31 জুলাই : ড'পিং নিয়ম উলংঘা কৰাৰ অপৰাধত 8 মাহৰ বাবে বিচিচিআইৰ নিলম্বনৰ সন্মুখীন হোৱা পৃথ্বী শ্ব'য়ে এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ এই নিলম্বনৰ পাছতে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, বিচিচিআইয়ে প্ৰতিটো সময়তে সমৰ্থন জনোৱাৰ বাবে আৰু তেওঁৰ আত্মীয়ই সকলো সময়তে থিয় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ ক্ৰিকেট তেওঁৰ জীৱন আৰু দেশ আৰু মুম্বাইৰ হৈ খেলিবলৈ পোৱাতকৈ ডাঙৰ উপলব্ধি তেওঁৰ বাবে নাই বুলি জানিবলৈ দিয়ে ৷ এই নিলম্বনৰ পৰা অতি সোনকালে আৰু অধিক শক্তিশালী হৈ ওলাই আহিব বুলি দৃঢ় মত পোষণ কৰে তেওঁ ৷ তেওঁক সমৰ্থন জনোৱাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জনাই খেলুৱৈ গৰাকীয়ে ৷
- — Prithvi Shaw (@PrithviShaw) July 30, 2019 " class="align-text-top noRightClick twitterSection" data="
— Prithvi Shaw (@PrithviShaw) July 30, 2019
">— Prithvi Shaw (@PrithviShaw) July 30, 2019