ETV Bharat / sports

প্ৰতিদিনেই আহিছিল আত্মহত্যাৰ চিন্তা : ৰবিন উথাপ্পা - Robin uthappa comment on his Depression time

2007 বৰ্ষৰ টি-20 বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ ৰবিন উথাপ্পাৰ বিস্ফোৰক মন্তব্য । মানসিক চাপে আত্মহত্যাৰ পথ বাছি লোৱাৰ দিশে ঠেলি নিছিল যদিও একমাত্ৰ ক্ৰিকেটেই তেওঁক বান্ধি ৰাখিছিল বুলি কয় খেলুৱৈগৰাকীয়ে ।

i have battled thoughts depression says robin uthappa
i have battled thoughts depression says robin uthappai have battled thoughts depression says robin uthappa
author img

By

Published : Jun 4, 2020, 7:49 PM IST

স্পৰ্টছ ডেস্ক, 4 জুনঃ ভাৰতীয় ক্ৰিকেটাৰ ৰবিন উথাপ্পাৰ এক বিস্ফোৰক মন্তব্য় । জীৱনৰ মাজভাগত আত্মহত্য়াৰ পথ বাছি লোৱাৰ চিন্তাই আগুৰি ধৰাৰ কথা উল্লেখ খেলুৱৈগৰাকীৰ । 2007 বৰ্ষৰ টি-20 বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈগৰাকীয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে নিজৰ জীৱনৰ এক কঠিন সময়ৰ কথা ।

প্ৰতিদিনেই আহিছিল আত্মহত্যাৰ চিন্তা : ৰবিন উথাপ্পা

খেলুৱৈগৰাকীয়ে কয়, কেৰিয়াৰৰ দুটা বৰ্ষ অধ্যাতিক মানসিক চাপ (ডিপ্ৰেচন) আৰু আত্মহত্য়াৰ চিন্তাৰে যুঁজিবলগীয়া হৈছিল তেওঁ । আনকি ঘৰৰ বেলকনিৰ পৰা দৌৰি জাপ দিয়াৰো মনলৈ কেইবাবাৰো চিন্তা অহা বুলি উল্লেখ কৰিছিল খেলুৱৈগৰাকীয়ে ।কিন্তু একমাত্ৰ ক্ৰিকেটেই আছিল যিয়ে তেওঁক এনেদৰে নকৰিবলৈ ধৰি ৰাখিছিল বুলি কয় উথাপ্পাই ।

ভাৰত হৈ 46 খন এদিনীয়া, 13 খন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত অংশগ্ৰহণ কৰিছে উথাপ্পাই । চলিত বৰ্ষত ৰাজস্থান ৰয়েলছে তিনি কোটি টকাত ক্ৰয় কৰিছে ৰবিন উথাপ্পাক । ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আইপিএলত অৱতীৰ্ণ হৈছিল উথাপ্পা ।

উথাপ্পাই ৰয়েল ৰাজস্থান ফাউনডেচনৰ লাইভ "Mind,Body & Soul" অনুষ্ঠানত প্ৰকাশ কৰে এই কথা । 2009 আৰু 2011 চনত এই সমস্যাৰ সন্মুখীন হৈছিল বুলি অৱগত কৰে খেলুৱৈগৰাকীয়ে । সেই সময়ত ক্ৰিকেটৰ বিষয়ে তেওঁ চিন্তাও কৰা নাছিলো বুলি কয় উথাপ্পাই ।

তাৰ পাচৰ পৰাই ডায়েৰী লিখা আৰম্ভ কৰা বুলি উল্লেখ কৰি মানুহ হিচাপে নিজকে বুজিবলৈ চেষ্টা কৰাৰ লগতে বাহ্যিক সহায়ৰ জৰিয়তে নিজৰ জীৱন সলনি কৰাৰ যত্ন কৰা বুলি কয় খেলুৱৈগৰাকীয়ে ।

ইয়াৰ পাচতেই 2014-15 ৰঞ্জী চিজনত সৰ্বাধিক ৰান কৰিবলৈ সক্ষম হৈছিল ৰবিন উথাপ্পাই । বৰ্তমানো তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লোৱা নাই । কিন্তু জীৱনৰ বেয়া সময়খিনি যি দৰে তেওঁ মোকাৱিলা কৰিছে, তাক লৈ কোনো আক্ষেপ নাই বুলি কয় উথাপ্পাই । লগতে ঋণাত্মক বস্তুৰ সন্মুখীন কৰিয়ে ধনাত্মক সুখ অনুভৱ কৰিব পাৰি বুলি কয় খেলুৱৈগৰাকীয়ে ।

লগতে চাওকঃ অৱসৰৰ দিনাই নলবাৰীৰ দুই শিক্ষকলৈ পেঞ্চন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.