স্পৰ্টছ ডেস্ক, 7 অক্টোবৰঃ মোৰ বাবেই অন্ত পৰিল গৌতম গম্ভীৰৰ এদিনীয়া আৰু টি-20 কেৰিয়াৰ ৷ এই বিস্ফোৰক মন্তব্য প্ৰদান কৰে পাকিস্তানৰ দ্ৰুতবেগী বলাৰ মহম্মদ ইৰফানে ৷
ইৰফানে কয় ,
মই যেতিয়া ভাৰতৰ বিৰুদ্ধে খেলিছিলো মোৰ বিৰুদ্ধে অসহজ অনুভৱ কৰিছিল গম্ভীৰে ৷ 2012 চনৰ দ্বিপাক্ষিক শৃংখলাতো মোৰ বিৰুদ্ধে খেলিবলৈ অসহজ অনুভৱ কৰিছিল গম্ভীৰে ৷ যাৰ পাচতেই সীমিত অভাৰত বিফল হৈ পৰিছিল ভাৰতীয় অ’পেনিং যুঁটিটো ৷ মোৰ শাৰিৰীক উচ্চতাৰ বাবেই মোৰ বল খেলিবলৈ অসুবিধাৰ সন্মুখীন হৈছিল ভাৰতীয় খেলুৱৈগৰাকী ৷
উল্লেখ্য যে, এই টি-20 আৰু এদিনীয়া শৃংখলাত চাৰিবাৰ মহম্মদ ইৰফানৰ বলত পেভিলিয়নমুখী হৈছিল গম্ভীৰ ৷ এই শৃংখলাৰ পাচত মাত্ৰ এটা শৃংখলাত (ইংলেণ্ড) অংশগ্ৰহণ কৰাৰ পিচত ভাৰতীয় দলৰ পৰা বাহিৰ হৈছিল গৌতম গম্ভীৰ ৷
পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাত দুৰ্বল প্ৰদৰ্শনৰ বাবেই গম্ভীৰৰ কেৰিয়াৰৰ অন্ত পৰে বুলি দাবী কৰে মহম্মদ ইৰফানে ৷ আহমদাবাদতেই পাকিস্তানৰ বিৰুদ্ধেই অন্তিম টি-20 মেচত অৱতীৰ্ণ হৈছিল গম্ভীৰ ৷
- লগতে চাওকঃ এটিপিঃ সৰ্বশ্ৰেষ্ঠ ৰেংকিঙত সুমিত নাগাল