স্পৰ্টছ ডেস্ক, 20 জানুৱাৰীঃ মঙলবাৰৰ পৰা বাংগালুৰুস্থিত নেশ্বনেল ক্ৰিকেট একাডেমীত পুনৰ সংস্থাপনৰ বাবে অনুশীলনত নামিব ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াৰ পূৰ্বে ভাৰতীয় দলৰ সৈতে অনুশীলনত অংশগ্ৰহণৰ কৰাৰ সময়ত হাৰ্দিক পাণ্ডিয়াক ভাৰতীয় টীম মেনেজমেণ্টে পুনৰ সংস্থাপনৰ বাবে আহ্বান জনাইছিল ৷ টীম মেনেজমেণ্টৰ পৰা জানিব পৰা মতে, প্ৰায় 10-20 দিন ধৰি চলিব পুনৰ সংস্থাপনৰ কাৰ্যসূচী ৷ ৰাহুল দ্ৰাৱিড়ৰ তত্বাৱধানতে পুনৰ সংস্থাপনৰ বাবে অনুশীলন গ্ৰহণ কৰিব পাণ্ডিয়াই ৷

উল্লেখ্য যে, জছপ্ৰীত বুমৰাহ আৰু পাণ্ডিয়াই দিল্লী কেপিটেলছৰ প্ৰশিক্ষক ৰজনীকান্ত ছিভাগনানামক পুনৰ সংস্থাপনৰ বাবে মাতি পঠোৱাৰ পাচতেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে সকলো খেলুৱৈয়ে নেশ্বনেল ক্ৰিকেট একাডেমীত পুনৰ সংস্থাপনৰ বাবে আহিব লাগিব বুলি মন্তব্য কৰিছিল ৷
গাংগুলীয়ে স্পষ্ট কৰি দিছিল যে, নেশ্বনেল ক্ৰিকেট একাডেমী দেশৰ ক্ৰিকেট বিকাশৰ কাৰ্যক্ৰমৰ প্ৰাথমিক কেন্দ্ৰ ৰূপে চিহ্নিত হ’ব ৷ ভাৰতৰ সকলো খেলুৱৈয়ে পুনৰ সংস্থাপনৰ বাবে বাংগালুৰুত যাব লাগিব ৷ আনহাতে আগন্তুক 18 মাহৰ ভিতৰত নেশ্বনেল ক্ৰিকেট একাডেমীত খেলুৱৈয়ে সকলো ধৰণৰ নতুন সুবিধা লাভ কৰিব বুলি উল্লেখ কৰিছিল ৷
এতিয়া নিউজিলেণ্ড শৃংখলাৰ বাবে পাণ্ডিয়া সুস্থ হৈ উঠিব বুলি আশা প্ৰকাশ কৰা হৈছে যদিও মাৰ্চত অনুষ্ঠিত হ’বলগীয়া দক্ষিণ আফ্ৰিকা শৃংখলাত প্ৰত্যাৱৰ্তনৰ পূৰ্ণ সম্ভাৱনা আছে পাণ্ডিয়াৰ ৷