ETV Bharat / sports

পিতৃ হোৱাৰ সৌভাগ্য লভিলে হাৰ্ডিক পাণ্ডিয়াই - টুইটাৰৰ জৰিয়তে পিতৃত্ব অৰ্জন কৰাৰ কথা জনালে পাণ্ডিয়াই

পুত্ৰ সন্তানৰ পিতৃ হ'ল হাৰ্ডিক পাণ্ডিয়া ৷ টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিলে অল ৰাউণ্ডাৰগৰাকীয়ে ৷

পুত্ৰ সন্তানৰ পিতৃ হ'ল হাৰ্ডিক পাণ্ডিয়া
পিতৃ হোৱাৰ সৌভাগ্য লভিলে হাৰ্ডিক পাণ্ডিয়াই
author img

By

Published : Jul 30, 2020, 6:31 PM IST

স্পৰ্টছ ডেস্ক, 30 জুলাই : ভাৰতীয় অল ৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়া আৰু নাটাশা ষ্টানকোভিকৰ এটি পুত্ৰ সন্তান জন্ম হোৱা বুলি চ'ছিয়েল মিডিয়াৰ জৰিয়তে জানিবলৈ দিয়ে 26 বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে ৷

তেওঁ টুইটাৰৰ জৰিয়তে কয়,"আমি এটি পুত্ৰ সন্তানৰ অভিভাৱক হোৱাৰ সৌভাগ্য লাভ কৰিলো ৷" নৱজাতক শিশুটিৰ হাতখনৰ সৈতে এখন ফ'টো পোষ্ট কৰে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ৷

উল্লেখ্য যে,মে' মাহত পাণ্ডিয়া আৰু নাটাশাই ঘোষণা কৰিছিল যে,তেওঁলোকে পৰিয়ালত এজন নতুন সদস্যৰ বাবে অপেক্ষা কৰি আছে ৷ হাৰ্ডিকে মে' মাহত পোষ্ট কৰা ইনষ্টাগ্ৰাম পোষ্টত কৈছিল,"নাটাশা আৰু মই একেলগে ভাল সময় অতিবাহিত কৰিছো আৰু এয়া পূৰ্বতকৈ অধিক ভাল হ'বলৈ গৈ আছে ৷ আমি অতি সোনকালে এজন নতুন সদস্যক আদৰণি জনাবলৈ উৎসাহিত হৈ আছো ৷ জীৱনৰ এই নতুন পৰ্যায়ৰ বাবে আমি অধীৰ আগ্ৰহেৰে বাট চাইছো আৰু আপোনালোকৰ শুভকামনা বিচাৰিছো ৷"

সন্তান জন্মৰ কথা প্ৰকাশ কৰাৰ পাচতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে পাণ্ডিয়ালৈ শুভেচ্ছাবাণী প্ৰেৰণ কৰে ৷ ইয়াৰ পাচতে অন্য ক্ৰিকেটাৰসকল আৰু মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ক্ৰিকেটাৰগৰাকীক শুভেচ্ছা প্ৰদান কৰা দেখা যায় ৷

পুত্ৰ সন্তানৰ পিতৃ হ'ল হাৰ্ডিক পাণ্ডিয়া
পিতৃ হোৱাৰ সৌভাগ্য লভিলে হাৰ্ডিক পাণ্ডিয়াই

এই বছৰৰ প্ৰথমভাগতে চ'ছিয়েল মিডিয়াৰ জৰিয়তে হাৰ্ডিকে নাটাশাৰ সৈতে নিজৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰিছিল ৷ 1 জানুৱাৰীত নাটাশাক প্ৰেমৰ প্ৰস্তাৱ দিয়া এখন ফ'টো হাৰ্ডিকে শ্বেয়াৰ কৰিছিল আৰু লিখিছিল : "মে তেৰা,তু মেৰি জানে,ছাৰা হিন্দুস্তান ৷

নাটাশাৰ সৈতে হাৰ্ডিকৰ এই প্ৰেমৰ কথা কেৱল তেওঁৰ অনুৰাগীৰ বাবেই নহয়,ভাৰতীয় দলৰ খেলুৱৈসকলৰ বাবে আশ্চৰ্যজনক আছিল ৷

লগতে পঢ়ক : বাতিল হ'ল BWF ৰ চাৰিখন বৃহৎ প্ৰতিযোগিতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.