ETV Bharat / sports

ধোনীৰ সন্ন্যাসক লৈ গম্ভীৰৰ মন্তব্যঃ আৱেগিক হোৱাৰ সময় নহয়

এম এছ ধোনীৰ সন্ন্যাসক লৈ ছ’চিয়েল মিডিয়াত চৰ্চা চলি থকাৰ সময়তে গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া ৷

author img

By

Published : Jul 19, 2019, 2:25 PM IST

ধোনীৰ সন্ন্যাসক লৈ গম্ভীৰৰ মন্তব্যঃ আৱেগিক হোৱাৰ সময় নহয়

স্পৰ্টছ ডেস্ক, 19 জুলাইঃ বিশ্বকাপৰ অন্তৰ পাচতেই চৰ্চা চলিছে ধোনীৰ সন্ন্যাসকলৈ ৷ এই সন্দৰ্ভত বিভিন্ন ক্ৰিকেটাৰে নিজৰ নিজৰ মত প্ৰকাশ কৰাৰ সময়তে গৌতম গম্ভীৰেও প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

গম্ভীৰে সাংবাদিকৰ আগত ব্যক্ত কৰে, এতিয়া ভাৰতীয় দলত যুৱ খেলুৱৈক স্থান দিয়াৰ সময় আহি পৰিছে ৷ ঋষভ পন্ত, সঞ্জু ছেমচন, ঈশান কিষান তথা নতুন যুৱ খেলুৱৈক স্থান দিব পৰা যায় ৷ তেওঁলোকে অনাগত দিনত ভাৰতৰ এজন ভাল উইকেটকীপাৰ হিচাপে পৰিগণিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ তেওঁলোকক এতিয়া সুযোগ দিয়াৰ প্ৰয়োজন ৷

ETV

গম্ভীৰে লগতে কয়, এই খেলুৱৈ সকলক অতি কমেও এক বছৰৰ সময় দিয়াৰ প্ৰয়োজন ৷ যদিহে তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম নহয় তেতিয়া হে অন্য খেলুৱৈৰ বিকল্প চিন্তা কৰা উচিত ৷ ভৱিষ্যতৰ বাবে এনে কৰা অত্যন্ত দৰকাৰী বুলি উল্লেখ কৰে গম্ভীৰে ৷ যেতিয়া ধোনী অধিনায়ক আছিল তেতিয়া তেওঁ ভৱিষ্যতৰ চিন্তা কৰিছিল ৷ মোৰ এতিয়াও মনত আছে যেতিয়া চিবি শৃংখলাৰ বাবে ধোনীয়ে ছেহৱাগ আৰু শচীনক দলত নোলোৱাৰ কথা উল্লেখ কৰিছিল ৷ কাৰণ সেই শৃংখলাত খেলপথাৰ যথেষ্ট ডাঙৰ আছিল ৷ যাৰ বাবে যুৱ খেলুৱৈক অধিক প্ৰাধান্য দিয়া হৈছিল ৷ এতিয়া আৱেগিক হোৱাৰ সময় নহয় বুলি কয় গম্ভীৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.