ETV Bharat / sports

প্ৰাক্তন ভাৰতীয় পেচাৰ সুদীপ ত্যাগীৰ অৱসৰ ঘোষণা

ত্যাগীয়ে 41 খন প্ৰথম শ্ৰেণীৰ মেচত অংশগ্ৰহণ কৰি 109 টা উইকেট দখল কৰিছিল ৷ তেওঁ 2009 আৰু 2010 বৰ্ষৰ আইপিএল ছিজনত অংশগ্ৰহণ কৰিছিল ৷

author img

By

Published : Nov 18, 2020, 11:17 AM IST

সুদীপ ত্যাগী
প্ৰাক্তন ভাৰতীয় পেচাৰ সুদীপ ত্যাগীৰ অৱসৰ ঘোষণা

স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ : প্ৰাক্তন ভাৰতীয় পেচাৰ সুদীপ ত্যাগীয়ে মঙলবাৰে ক্ৰিকেটৰ সকলো ফৰমেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ 33 বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে ভাৰতৰ হৈ চাৰিখন এদিনীয়াত অংশগ্ৰহণ কৰি তিনিটা উইকেট দখল কৰাৰ লগতে এখন টি-20 মেচত অংশগ্ৰহণ কৰিছিল ৷ অন্তিমবাৰৰ বাবে ভাৰতীয় দলক তেওঁ 2010 চনত প্ৰতিনিধিত্ব কৰিছিল ৷

তেওঁ চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ 14 খনকৈ আইপিএল মেচত অংশগ্ৰহণ কৰিছিল ৷ ত্যাগীয়ে টুইটাৰৰ জৰিয়তে কয়, "মোৰ সপোনক বিদায় জনোৱাটো মোৰ জীৱনৰ সবাতোকৈ কঠিন সিদ্ধান্ত ৷"

ত্যাগীয়ে 41 খন প্ৰথম শ্ৰেণীৰ মেচত অংশগ্ৰহণ কৰি 109 টা উইকেট দখল কৰিছিল ৷ তেওঁ 2009 আৰু 2010 বৰ্ষৰ আইপিএল ছিজনত অংশগ্ৰহণ কৰিছিল ৷

ত্যাগীয়ে কয়, "সকলো খেলুৱৈয়ে যি সপোন দেখে সেয়া মই লাভ কৰিবলৈ পাই সুখী হ'লো - সেয়া হৈছে দেশক প্ৰতিনিধিত্ব কৰা আৰু ভাৰতীয় ত্ৰিৰংগা পৰিধান কৰা ৷"

তেওঁ লগতে কয়, "মই এম. এছ. ধোনীৰ অধীনত প্ৰথমখন এদিনীয়াত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰা বাবে তেওঁক ধন্যবাদ জনাব বিচাৰিছো ৷ মোক প্ৰেৰণা যুগুৱা মহম্মদ কাইফ, আৰ. পি. সিং আৰু সুৰেশ ৰাইনাক ধন্যবাদ জনাব বিচাৰিছো ৷ অৱসৰ ঘোষণা কৰাটো বহু কষ্টকৰ যদিও আমি ইয়াৰ পৰা আগবাঢ়ি যাব লাগিব ৷"

লগতে পঢ়ক : এটিপি ফাইনেলছত থিয়েমৰ হাতত পৰাস্ত নাডাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.