ETV Bharat / sports

কৰ'ণা পজিটিভ বাংলাদেশৰ প্ৰাক্তন অধিনায়ক মছৰফে মোৰতাজা - বাংলাদেশৰ ক্ৰিকেটাৰ কৰ'ণা পজিটিভ

বাংলাদেশৰ ক্ৰিকেটাৰ দেহত ওলাল কৰ'ণা ভাইৰাছ । বাংলাদেশ ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক মছৰফে মোৰতাজাৰ কৰ'ণা পৰীক্ষণৰ ফলাফল পজিটিভ । পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই কথা ।

former bangladesh captain mashrafe mortaza tests positive for cformer bangladesh captain mashrafe mortaza tests positive for coronavirusoronavirus
কৰ'ণা পজিটিভ বাংলাদেশৰ প্ৰাক্তন অধিনায়ক মছৰফে মোৰতাজা
author img

By

Published : Jun 20, 2020, 6:37 PM IST

স্পৰ্টছ ডেস্ক, 20 জুনঃ কৰ'ণা পজিটিভ বাংলাদেশ ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক মছৰফে মোৰতাজা । শুকুৰবাৰে খেলুৱৈগৰাকীৰ পৰা কৰ'ণা পৰীক্ষণৰ বাবে গ্ৰহণ কৰা হৈছিল নমুনা । শনিবাৰে ফলাফলত কৰ'ণা পজিটিভ পোৱা যায় খেলুৱৈগৰাকীক । এই সন্দৰ্ভত এতিয়ালৈকে ক্ৰিকেটাৰ গৰাকীয়ে কোনো বা টুইট প্ৰকাশ কৰা নাই যদিও পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে তেওঁৰ নমুনাৰ ফলাফল পজিটিভ পোৱা যায় । বৰ্তমানে ঢাকাত নিজ বাসগৃহত ছেল্ফ আইচ'লেচনত আছে খেলুৱৈগৰাকী ।

এক সংবাদ প্ৰতিবেদনৰ মতে,বৃহস্পতিবাৰৰ নিশা জ্বৰত আক্ৰান্ত হৈছিল খেলুৱৈগৰাকী । তাৰ পাচতেই শুকুৰবাৰে তেওঁৰ নমুনা সংগ্ৰহ কৰি কৰ'ণা পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছিল ।

মোৰতাজাই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জিম্বাবুয়েৰ বিৰুদ্ধে হোৱা অন্তিমখন ঘৰুৱা শৃংখলাৰ সময়তেই বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়কৰ পৰা অব্যাহতি লৈছিল । তাৰ পাচতেই ক্ৰিকেটৰ পৰা তেওঁ সন্ন্যাসৰ ঘোষণা কৰিব বুলি যথেষ্ট চৰ্চা হৈছিল । অৱশ্যে খেলুৱৈগৰাকীয়ে এই পৰ্যন্ত সন্ন্যাস সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই ।

ইয়াৰ পূৰ্বে পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহীদ আফ্ৰিদীকো কৰ'ণা পজিটিভ পোৱা গৈছিল । টুইটাৰ যোগে এই কথা সদৰি কৰিছিল স্বয়ং ক্ৰিকেটাৰগৰাকীয়ে ।

লগতে চাওকঃ বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.