ETV Bharat / sports

ভাৰতীয় দলৰ পৰা বাহিৰ হ’ব পাৰে সঞ্জয় বাংগাৰ! - BCCI

বিশ্বকাপৰ পৰা ভাৰতীয় ক্ৰিকেট দল বাহিৰ হোৱাৰ পাচতেই ভাৰতীয় দলৰ পৰা বাহিৰ হ’ব পাৰে সঞ্জয় বাংগাৰ ৷ এক সূত্ৰ অনুসৰি দলত সহায়ক প্ৰশিক্ষক ৰূপে নিয়োজিত থকা সঞ্জয় বাংগাৰৰ স্থান সুনিশ্চিত নহয় ৷

ভাৰতীয় দলৰ পৰা বাহিৰ হ’ব পাৰে সঞ্জয় বাংগাৰ?
author img

By

Published : Jul 12, 2019, 4:55 PM IST

স্পৰ্টছ ডেস্ক,12 জুলাইঃ 45 দিনলৈ কাৰ্যকাল বৃদ্ধি কৰাৰ সম্ভাৱনা ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক আৰু প্ৰশিক্ষক ষ্টাফৰ ৷ কিন্তু সহায়ক প্ৰশিক্ষক হিচাপে দলত থকা সঞ্জয় বাংগাৰৰ স্থানক লৈ অনিশ্চিয়তা ৷ কাৰণ তেওঁৰ কৰ্মক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বি চি চিআইৰ একাংশই ৷ বলিং প্ৰশিক্ষক ৰূপে নিয়োজিত থকা ভাৰত অৰুণ আৰু ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰী ধৰে বিগত ডেৰ বছৰ সুন্দৰ কাম কৰি আহিছে ৷ কিন্তু সহায়ক প্ৰশিক্ষক বাংগাৰৰ ক্ষেত্ৰত এইয়া ক’বলৈ কঠিন কাৰণ ভাৰতীয় দলটোৱে কেইবাবাৰো বেটিঙৰ সৈতে যুঁজি থকা পৰিলক্ষিত হৈছে ৷

ETV
ভাৰতীয় দলৰ পৰা বাহিৰ হ’ব পাৰে সঞ্জয় বাংগাৰ ?

বি চি চিআইৰ উচ্চপদস্থ বিষয়াই জানিবলৈ দিয়া মতে,ভাৰতীয় দলটোৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় হৈছে দলটোৰ চতুৰ্থ স্থানৰ বেটিং ৷ যাৰ বাবে দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈ বিশ্বকাপৰ পৰা বাহিৰ হৈছিল ৷ এতিয়া এই সন্দৰ্ভত আলোচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ ইপিনে বিজয় শংকৰৰ আঘাতৰ পূৰ্বে ভাৰতীয় দলৰ অল ৰাউণ্ডাৰ সম্পূৰ্ণ ৰূপে সুস্থ বুলি জানিবলৈ দিছিল বাংগাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.