ETV Bharat / sports

ৰোমাঞ্চকৰ স্থিতিত ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ টেষ্ট শৃংখলা - ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ 2020

ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ ৷ চতুৰ্থদিনত বৰষুণে বিধি-পথালি দিয়াৰ পাচত এতিয়া অন্তিমটো দিনত ইংলেণ্ডক জয়ৰ বাবে প্ৰয়োজন কেৱল 8 উইকেটৰ ৷ আনহাতে শৃংখলাত অজয় হৈ থাকিবলৈ ৱেষ্ট ইণ্ডিজক প্ৰয়োজন ক্ৰীজত 98 অভাৰ তিষ্টি থকাৰ ৷

ৰোমাঞ্চকৰ স্থিতিত ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ টেষ্ট শৃংখলা

author img

By

Published : Jul 28, 2020, 3:11 AM IST

স্পৰ্টছ ডেস্ক, 28 জুলাই : মানচেষ্টাৰত অনুষ্ঠিত হৈ আছে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত তিনিখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্ট মেচ ৷ ইতিমধ্যে এক ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে এই টেষ্ট শৃংখলাৰ অন্তিমখন মেচ ৷ চতুৰ্থদিনত বৰষুণৰ বিধি-পথালি দিয়াৰ পাচতেই এতিয়া অন্তিমটো দিনত ইংলেণ্ডক জয়ৰ বাবে প্ৰয়োজন কেৱল 8 উইকেটৰ ৷ আনহাতে শৃংখলাত অজয় হৈ থাকিবলৈ ৱেষ্ট ইণ্ডিজক প্ৰয়োজন হ’ব ক্ৰীজত 98 অভাৰ তিষ্টি থকাৰ ৷ আনহাতে মেচখনত জয়ী হ’বলৈ কেৰিবিয়ান দলটোক বৰ্তমানো প্ৰয়োজন 389 ৰানৰ বিশাল লক্ষ্য ৷

চতুৰ্থদিনত বৰষুণৰ বিধি-পথালি
চতুৰ্থদিনত বৰষুণৰ বিধি-পথালি

ৱেষ্ট ইণ্ডিজৰ হৈ বৰ্তমানে ক্ৰীজত বৰ্তি আছে ক্ৰীগ ব্ৰেথৱেট (2) আৰু ছাই হ’প (4) ৷ ইংলেণ্ডে প্ৰথম ইনিংছত 369 ৰান কৰাৰ বিপৰীতে দুটা উইকেট হেৰুৱাই 226 ৰানl ঘোষণা কৰিছিল দ্বিতীয় ইনিংছ ৷ আনহাতে ৱেষ্ট ইণ্ডিজে প্ৰথম ইনিংছত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল কেৱল 197 ৰান ৷ ইপিনে দ্বিতীয় ইনিংছটো দলটোৱে ইতিমধ্যে 10 ৰান স্ক’ৰত দুটাকৈ উইকেট হেৰুৱাইছে ৷

দুৰ্দান্ত ফৰ্মত ষ্টুৱাৰ্ড ব্ৰড
দুৰ্দান্ত ফৰ্মত ষ্টুৱাৰ্ড ব্ৰড

ইংলেণ্ডৰ হৈ ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় ইনিংছত ষ্টুৱাৰ্ড ব্ৰডে দুটা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ৷ প্ৰথম ইনিংছটো দুৰ্দান্ত বলেৰে 6 টা উইকেট দখল কৰিছিল ব্ৰডে ৷

দুয়োটা দলে শৃংখলাত 1-1 ৰ সমতা স্থাপন কৰি আছে ৷ গতিকে এতিয়া তৃতীয়খন টেষ্টৰ পঞ্চম দিনটো দুয়োটা দলৰ বাবে হৈ পৰিব অতিকৈ নিৰ্ণায়ক ৷

লগতে চাওক-আয়াৰলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ 14 জনীয়া দলৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.