ETV Bharat / sports

ড্ৰ’ত সমাপ্ত ইংলেণ্ড আৰু পাকিস্তানৰ মাজৰ দ্বিতীয়খন টেষ্ট মেচ - ড্ৰ’ত সমাপ্ত দ্বিতীয়খন টেষ্ট মেচ

বৰষুণৰ বিধি-পথালিৰ মাজত ড্ৰ’ত সমাপ্ত ইংলেণ্ড আৰু পাকিস্তানৰ চাউথাম্পটনত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্ট মেচ ৷ তিনিখন মেচৰ টেষ্ট শৃংখলাত 1-0 ৰ অগ্ৰগতি ইংলেণ্ডৰ ৷

England vs Pakistan, 2nd Test Match Ends in Draw

author img

By

Published : Aug 18, 2020, 4:40 AM IST

স্পৰ্টছ ডেস্ক, 18 আগষ্ট : ড্ৰ’ত সমাপ্ত ইংলেণ্ড আৰু পাকিস্তানৰ মাজত চাউথাম্পটনৰ এজেছ বাউলত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্ট মেচ ৷ বৰষুণৰ বিধি-পথালিৰ মাজত অৱশেষত ড্ৰ’ত সমাপ্ত হয় পাকিস্তানৰ দৃষ্টিভংগীৰে অতি গুৰুত্বপূৰ্ণ মেচখন ৷ অন্তিমটো দিনত বৰষুণ আৰু খেলপথাৰত পানী জমা হোৱাৰ বাবে মেচখনৰ প্ৰথম আৰু দ্বিতীয় শ্বেচনত এটাও বল কৰিব পৰা নাযায় ৷

অৱশ্যে চাহ কালৰ পাচত ইংলেণ্ড দলে বেটিং কৰিবলৈ আহি 4 উইকেট হেৰুৱাই 110 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ ইংলেণ্ডৰ হৈ জেক ক্ৰাউলেয়ে 53 ৰানৰ ইনিংছ খেলে ৷ ইয়াৰ পাচতে মেচখন ড্ৰ’ ঘোষণা কৰা হয় ৷

পাকিস্তানে প্ৰথম ইনিংছত প্ৰথমে বেটিং কৰি 236 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ ইংলেণ্ডৰ হৈ ষ্টুৱাৰ্ড ব্ৰডে 4 টা আৰু জেমছ এণ্ডাৰছনে 3 টা উইকেট দখল কৰিছিল ৷ আনহাতে মেচখনত পাকিস্তানৰ হৈ সৰ্বাধিক 72 ৰান কৰা মহম্মদ ৰিজৱানক মেন অফ দ্য মেচ ঘোষণা কৰা হয় ৷

এতিয়া অন্তিম তথা নিৰ্ণায়ক মেচখন অহা 21 আগষ্টত এইখন খেলপথাৰতে অনুষ্ঠিত হ’ব ৷ তিনিখন মেচৰ টেষ্ট শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰি আছে ঘৰুৱা দল ইংলেণ্ডে ৷

লগতে চাওক-আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত অসমৰ চাৰি যুৱ ক্ৰিকেটাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.