ETV Bharat / sports

কৰ'ণা পজিটিভ দহগৰাকী পাকিস্তানী ক্ৰিকেটাৰ - 10 গৰাকী পাকিস্তানী ক্ৰিকেটাৰৰ দেহত কৰ'ণা ভাইৰাছ

ইংলেণ্ড ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে পাকিস্তান দলত মোক্ষম আঘাত । পাকিস্তান ক্ৰিকেটৰ দলৰ 29 গৰাকী দলীয় সদস্যৰ ভিতৰত 10 গৰাকী খেলুৱৈৰ দেহত কৰ'ণা ভাইৰাছ । এতিয়া এই পৰিস্থিতিত ক্ৰিকেট শৃংখলা খেলাৰ বাবে ইংলেণ্ডলৈ যোৱা কিমান যুক্তিসংগত তাক লৈ উঠিছে বহু ক্ৰিকেট প্ৰেমীৰ মাজত প্ৰশ্ন ।

England v Pakistan: Ten Pakistani players Corona Positive

author img

By

Published : Jun 24, 2020, 12:17 PM IST

স্পৰ্টছ ডেস্ক, 24 জুনঃ ইংলেণ্ড ভ্ৰমণৰ পূৰ্বেই পাকিস্তান ক্ৰিকেট দললৈ নামি আছে বৃহৎ সমস্যা । মঙলবাৰে পুনৰ সাত গৰাকী খেলুৱৈৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । ইয়াৰ পূৰ্বে সোমবাৰে তিনিগৰাকী খেলুৱৈৰ দেহত পোৱা গৈছিল মাৰাত্মক ক'ভিডৰ উপস্থিতি । অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰতেই দলটোৰ 10 গৰাকী খেলুৱৈ হৈছে কৰ'ণা পজিটিভ ।

মঙলবাৰে আক্ৰান্ত হোৱা খেলুৱৈ সকল হৈছে ক্ৰমে ফখৰ জামান, ইমৰাণ খান, মহম্মদ হাফিজ, কাছিফ ভট্টী, মহম্মদ ৰিজৱান, মহম্মদ হাছনেন আৰু ৱাহাব ৰিয়াজ । আনহাতে সোমবাৰে হায়দাৰ আলী, হাৰিছ ৰওফ আৰু ছাদাব খানৰ দেহত পোৱা গৈছিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

ইপিনে সংবাদ সূত্ৰৰ মতে, আবিদ আলী, অশ্বদ ছাফিক, অজহৰ আলী, বাবৰ আজম, ফহিম অশ্ৰফ, ফৱাদ আলম, ইফতিকাৰ অহমদ, ইমাম-উল-হক্, সুশিল শ্বাহ, মহম্মদ আব্বাছ, নছীম শ্বাহ, ছৰফৰাজ আহমদ, শ্বাহিন শ্বাহ আফ্ৰিদী, শ্বন মছুদ, ছ'হেল খান আৰু য়াছিৰ শ্বাহৰ ফলাফল নিগেটিভ পোৱা গৈছে ।

পাকিস্তান দলটোৱে অহা আগষ্ট-ছেপ্তেম্বৰ মাহত ইংলেণ্ডৰ গৃহভূমিত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন টেষ্ট, তিনিখন টি-20 শৃংখলাত অৱতীৰ্ণ হ'ব । COVID-১৯ ৰ অন্তত ক্ৰীড়া কাৰ্যকলাপ আৰম্ভ হোৱাৰ পাচত পাকিস্তান দলটোৰ এইটো হ'ব প্ৰথম আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ । এতিয়া এই ভ্ৰমণ সূচীক লৈ নামি আহিছে অনিশ্চয়তা ।

অৱশ্য়ে এই ঘটনাৰ পাচতেই পিচিবিৰ মুখ্য কাৰ্যবাহী বিষয়া ৱাছিম খানে পাকিস্তান দলৰ ইংলেণ্ড ভ্ৰমণ নিৰ্ধাৰিত সময়সূচী মতেই হ'ব বুলি উল্লেখ কৰিছে । উল্লেখ্য় যে, অহা 28 জুনত পাকিস্তান দলটোৱে ইংলেণ্ড ভ্ৰমণলৈ উৰা মৰাৰ কাৰ্যসূচী আছে ।

লগতে চাওকঃ দিল্লীত নিৰ্মাণ বিশ্বৰ ভিতৰত বৃহৎ অস্থায়ী কৰ'ণা হাস্পতাল!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.