স্প’ৰ্টছ ডেস্ক,20 ছেপ্টেম্বৰ : ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত দিল্লী কেপিটেলচ আৰু কিংছ 11 পাঞ্জাৱৰ মাজত অনুষ্ঠিত আই পি এল 2020 ৰ দ্বিতীয়খন মেছত দিল্লীৰ জয় লাভ ৷ ড্ৰ’ হোৱা খেলখনত চুপাৰ অভাৰৰ সহায়ত নিৰ্ণয় কৰা হয় ৷

টচ্ত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় কে এল ৰাহুল নেতৃত্বাধীন কিংছ 11 পাঞ্জাৱ দলে ৷ প্ৰথমে বেটিং কৰিবলৈ আহে দিল্লী কেপিটেলচৰ পৃথ্বী শ্ব’ আৰু শিখৰ ধৱন ৷ কিন্তু দুয়োজন অপেনাৰে আশাহত কৰে দলটোক ৷

9 টা বলত মাত্ৰ 5 ৰাণ কৰি পৃথ্বী শ্ব’ৱে বিদায় লোৱাৰ বিপৰীতে 2 টা বল খেলি কোনো ৰাণ নকৰাকৈয়ে পেভিলিয়নমুখী হয় শিখৰ ধৱন ৷ শ্ৰেয়াচ আয়াৰ, ঋষভ পন্ট আৰু মাৰ্কচ ষ্ট’ইনিচে দলটোক সবল স্থিতিলৈ আনে ৷

শ্ৰেয়াচ আয়াৰে 39, ঋষভ পন্টে 31 আৰু ষ্টইনিচে 53 ৰাণৰ অৰিহণা যোগায় ৷ পাঞ্জাৱৰ হৈ মহম্মদ চামীয়ে সৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ চেলডন কট্ৰেলে দুটা আৰু ৰৱি বিষ্ণৈয়ে এটা উইৰেট লাভ কৰে ৷ নিৰ্ধাৰিত 20 অভাৰত 8 টা উইকেট হেৰুৱাই 157 ৰাণ সংগ্ৰহ কৰি পাঞ্জাৱক জয়ৰ বাবে 158 ৰাণৰ লক্ষ্য বান্ধি দিয়ে দিল্লী দলটোৱে ৷

দ্বিতীয় ইনিংচত পাঞ্জাৱৰ হৈ প্ৰথমে বেটিং কৰিবলৈ আহে কেল এল ৰাহুল আৰু মায়াংক আগৰৱাল ৷ অধিনায়ক ৰাহুলে 21 ৰাণৰ বৰঙণি আগবঢ়োৱাৰ বিপৰীতে 89 ৰাণৰ অনবদ্য ইনিংছ খেলিলে মায়াংক আগৰৱালে ৷ কৰণ নায়াৰ, গ্লেন মেক্সৱেল আৰু নিকোলাচ পুৰানৰ খেলে বাৰুকৈয়ে হতাশ কৰে দলটোক ৷ চাৰফাৰাজ খান, কৃষ্ণাপ্পা গৌতমে নিজ নিজ প্ৰদৰ্শনেৰে দলটোক জয় দিশে আগুৱাই নিয়ে ৷

খেলৰ অন্তিম অভাৰৰ পঞ্চমটো বলত 157 ৰাণত মায়াংক আগৰৱাল আউট হয় যদিও খেলত জিকাৰ আশা কৰিছিল পাঞ্জাৱ দলে ৷ কিন্তু খেলৰ অন্তিমটো চি. জৰ্দানে কেচ দি আউট হোৱাৰ ফলত ড্ৰ’ হয় খেল খন ৷ দিল্লীৰ হৈ ৰাবাডা, আশ্বিন, ষ্টইনিচ প্ৰত্যেকেই দুটাকৈ উইকেট লাভ কৰাৰ বিপৰীতে অক্সৰ পেটেল আৰু মোহিত শৰ্মাই এটাকৈ উইকেট লাভ কৰে ৷

চুপাৰ অভাৰযোগে খেলৰ ফলাফল নিৰ্ণয় কৰাৰ বাবে ব্যৱস্থা কৰা হয় ৷ চুপাৰ অভাৰত দিল্লীয়ে জয়লাভ কৰিবলৈ সক্ষম হয় ৷ মাৰ্ক ষ্টইনিচক গেম চেঞ্জাৰ অৱ দ্য মেচ আৰু মেন অৱ দ্য মেচ সন্মান ঘোষণা কৰা হয় ৷
লগতে পঢ়ক : ৰাজস্থান ৰয়েলছৰ অনুৰাগীৰ বাবে দুঃখবৰ