নিউজ ডেস্ক,২৯ জুন : ভাৰতৰ মহিলা ক্ৰিকেটাৰ দিপ্তী শৰ্মাই যোগদান কৰিব ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ দ্বাৰা আয়োজন কৰা কে আই এ ছুপাৰ লীগত। ৱেষ্টাৰ্ণ ষ্টৰ্ম দলৰ হৈ লীগ মেচত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈ গৰাকী এদিনীয়া ক্ৰিকেটৰ মহিলা ৰেংকিঙৰ দ্বিতীয় শ্ৰেষ্ঠ অল ৰাউণ্ডাৰ।
উল্লেখ্য যে,দিপ্তীৰ পূৰ্বে স্মৃতি মান্ধানাই ৱেষ্টাৰ্ণ ষ্টৰ্মৰ হৈ কে আই এ ছুপাৰ লীগত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ পৰা কে এছ এলত অংশগ্ৰহণ কৰা চতুৰ্থ গৰাকী খেলুৱৈ হিচাপে চিহ্নিত হৈছে দিপ্তী শৰ্মা।