স্পৰ্টছ ডেস্ক, 4 অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ মজিয়াত হিংসাত্মক মন্তব্য কৰি ক্ৰিকেট পৰিয়ালৰ সমালোচনাৰ সন্মুখীন হ'ল পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী ইমৰান খান ৷ সাধাৰণ পৰিষদত ভাৰতৰ বিৰুদ্ধে পুনৰবাৰ পাৰমাণৱিক যুদ্ধৰ ভাবুকি প্ৰদান কৰাৰ পাছতে এনেদৰে সমালোচনাৰ সন্মুখীন হ'ব লগা হয় প্ৰধানমন্ত্ৰীগৰাকী ৷
ইয়াৰ পাছতে তেওঁক সমালোচনা কৰে ভাৰতীয় পেচাৰ মহম্মদ ছামী, প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজাহাৰুদ্দিন, প্ৰাক্তন বলাৰ ইৰফান পাঠান, হৰভজন সিং আদিয়ে ৷