ETV Bharat / sports

অচিৰেই মাজুলীত নিৰ্মাণ হ'ব ক্ৰিকেট ষ্টেডিয়াম - ৰমেন দত্তৰ নেতৃত্বত এটি দল মাজুলীত উপস্থিত

মাজুলীৰ খেলুৱৈ আৰু ক্ৰীড়াপ্রেমীলৈ সুখবৰ । অচিৰেই নিৰ্মাণ হ'ব মাজুলীত ক্ৰিকেট ষ্টেডিয়াম ৷ নিৰ্মাণ কৰিব অসম ক্ৰিকেট সন্থাই ।

Cricket stadium to be constructed very soon at Majuli
অচিৰেই মাজুলীত নিৰ্মান হ'ব ক্ৰিকেট ষ্টেডিয়াম
author img

By

Published : Sep 22, 2020, 1:05 PM IST

মাজুলী, 22 ছেপ্তেম্বৰ : মাজুলী তথা ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত মাজুলীত অচিৰেই নিৰ্মাণ হ'ব অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম ৷ প্ৰায় 6 মাহৰ ভিতৰতে ষ্টেডিয়ামখন নিৰ্মাণ কৰি উলিওৱা হ'ব ৷

Cricket stadium to be constructed very soon at Majuli
অচিৰেই মাজুলীত নিৰ্মান হ'ব ক্ৰিকেট ষ্টেডিয়াম

ইয়াৰ সৈতে সংগতি ৰাখি মাজুলীত উপস্থিত হয় অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তৰ নেতৃত্বত এটি দল ৷ মাজুলীৰ বিভিন্ন অঞ্চলৰ খেলুৱৈ আৰু মাজুলীৰ ভিন্ন অ-ৰাজনৈতিক দল সংগঠনৰ লগত মত বিনিময় কৰে এই দলটোৱে ৷ ইয়াৰোপৰি মাজুলীৰ কমলাবাৰীত মাজুলীৰ ক্ৰিয়া প্ৰকল্প খেলপথাৰখনক অত্যাধুনিক ধৰণে নিৰ্মাণ কৰি খেলুৱৈৰ অনুশীলনৰ বাবে প্ৰস্তুত কৰি উলিয়াব ৷

পৰিকল্পিত ষ্টেডিয়ামখন সম্পূৰ্ণ হৈ উঠাৰ লগে লগে মাজুলীত অনুষ্ঠিত হ'ব জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ ক্ৰিকেট খেলসমূহ । মাজুলীৰ প্ৰায়বোৰ অৰাজনৈতিক দল- সংগঠনে এই প্ৰচেষ্টাক আদৰণি জনায় ।

লগতে পঢ়ক : ধুবুৰীত আইপিএল ক্ৰিকেটৰ নামত চলিছে জুৱা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.