ETV Bharat / sports

ভাৰতৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলা খেলাৰ ইংগিত ক্ৰিকেট অষ্ট্ৰেলিয়াৰ

পৰৱৰ্তী কাৰ্যসূচী অনুসৰি ভাৰতৰ বিৰুদ্ধে ৪ খন টেষ্ট আৰু ৩ খন এদিনীয়াত মুখামুখি হোৱাৰ কথা আছে অষ্ট্ৰেলিয়াৰ । কিন্তু এই শৃংখলাত কিছু সাল-সলনিৰ ইংগিত দিছে ক্ৰিকেট অষ্ট্ৰেলিয়াই ।

author img

By

Published : Apr 21, 2020, 4:38 PM IST

Cricket Australia chief hints at five-Test series against Kohli & Co

স্পৰ্টছ ডেস্ক, ২১ এপ্ৰিলঃ এই বৰ্ষৰ শেষৰ ফালে ভাৰতৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলা আয়োজনৰ ইচ্ছা প্ৰকাশ কৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ CEO কেভিন ৰবাৰ্টছে । অৱশ্যে পৰৱৰ্তী ক্ৰিকেট কাৰ্যসূচী অনুসৰি অষ্ট্ৰেলিয়াত চাৰিখন টেষ্ট আৰু তিনিখন এদিনীয়াত অৱতীৰ্ণ হ'ব ভাৰত । কিন্তু এই টেষ্ট শৃংখলাতেই আৰু এখন টেষ্ট মেচ সংযোজিত কৰাৰ ইংগিত প্ৰদান কৰা হৈছে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ফালৰ পৰা ।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ CEO ৰবাৰ্টে ভিডিঅ' ক'লত উল্লেখ কৰি কয় যে, আগন্তুক সময়ত পাঁচ মেচৰ টেষ্ট শৃংখলাক লৈ কোনো নিশ্চয়তা নাই । কিন্তু মই ক'ব খোজু বিচিচিআই আৰু ক্ৰিকেট অষ্ট্ৰেলিয়াৰ মাজত এটা শক্তিশালী সম্পৰ্ক আছে । ভৱিষ্যতে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত পাঁচ মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত কৰা ইচ্ছাক লৈ আমি আলোচনা কৰিছো ।

এইটো এনেকুৱা যে,উভয়ে ভৱিষ্যতলৈ নীতিগত ভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছো । কিন্তু ডাঙৰ প্ৰশ্ন ২০২৩ ৰ ভৱিষ্য়তৰ কাৰ্য প্ৰণালীৰ পূৰ্বে এইয়া সম্ভৱ হৈ উঠিব নে নুঠে। তেওঁ লগতে কয়,আমি নাজানো পৰৱৰ্তী সময়ত কি সম্ভাৱনা আছে । কিন্তু সময় ওচৰ চাপি অহা পৰ্যন্ত আমি ইয়াৰ সম্ভাৱনীয়তাক নুই নকৰো ।

ইয়াৰ লগতে কৰ'ণা ভাইৰাছৰ মহামাৰী প্ৰতি লক্ষ্য ৰাখিয়ে বৰ্ডে একেটা স্থানতে আটাইকেইখন মেচ অনুষ্ঠিত কৰিব পৰা যায় নেকি তাৰ ওপৰত চিন্তা-চৰ্চা চলাই আছে বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে,যদিহে ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলা বাতিল কৰিবলগীয়া হয় তেন্তে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ টেলিভিছন ৰাজহ হিচাপে আনুমানিক ৩০০ মিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.