নিউজ ডেস্ক, 28 এপ্ৰিলঃ ৰয়েল চেলেঞ্জাৰচ্ বেংগালুৰুৰ টীম মেট্ এ বি ডি ভিলিয়াৰ্চ আৰু বিৰাট কোহলিয়ে কিছু সামগ্ৰীৰ নিলামৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে । এই সামগ্ৰী সমূহ দুয়োজনে 2016 চনৰ আই পি এলৰ গুজৰাট লাইন্সৰ বিৰুদ্ধে এখন খেলত ব্যৱহাৰ কৰিছিল । সেই খেলখনত দুয়োজনে গঢ়িছিল ঐতিহাসিক অভিলেখ ।
সোমবাৰে নিলামৰ কথা প্ৰকাশ কৰি সামাজিক মাধ্যমত এ বি ডি ভিলিয়াৰ্চে নিজৰ স্বাক্ষৰ সম্বলিত কিছু সামগ্ৰী আপলোড কৰে । পোষ্টটো কোহলিয়েও শ্বেয়াৰ কৰি নিলামত অংশ লব বিছৰা আগ্ৰহী সকলক যোগাযোগ কৰিবলৈ আহ্বান জনায় ।
- " class="align-text-top noRightClick twitterSection" data="
">
খেলখনত ব্যৱহাৰ কৰা সামগ্ৰী সমূহ নিলাম কৰি পোৱা সম্পূৰ্ণ ধন COVID-19 সংকটৰ সাহায্যৰ বাবে দুয়োজন খেলুৱৈয় নিজ নিজ দেশত আগবঢ়াব । দুয়োজন খেলুৱৈৰ মাজত 50-50 কৈ ভাগ হ'ব এই ধন ।
2016 চনৰ আই পি এলৰ খেলখনত দুয়োৱে গুজৰাট লাইয়ন্সৰ বিৰুদ্ধে ঐতিহাসিক যুটি বান্ধিছিল । দুয়োৱে 96 টা বলত 229 ৰান সংগ্ৰহ কৰিছিল । দয়োগৰাকী বেটচ্মেনে অৰ্জন কৰিছিল শতক । যি কোনো যুটিৰেই সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত এইটো এক অভিলেখ আছিল । খেলখনত বেংগালুৰু জয়ী হৈছিল 144 ৰানত ।