নিউজ ডেস্ক, ২৮ ফেব্ৰ্ুৱাৰী: চিৰবৈৰী ভাৰত-পাক বিশ্বকাপ ক্ৰিকেট মেচ অনুষ্ঠিত ন'হলে বৃহৎ অংকৰ ধনৰ ক্ষতি হ'ব খেল প্ৰচাৰক চেনেল সমূহৰ । ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ১৬ জুনত অনুষ্ঠিত হ'বলগীয়া খেলখনত অংশগ্ৰহণ নকৰিলে প্ৰায় ১০০-১২০ কোটি টকাৰ লোকচান হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে । অৱশ্যে প্ৰচাৰক চেনেল সমূহৰ হাতত মজূত থকা অন্য বীমা পলিচি বোৰৰ জৰিয়তে লোকচান কম হোৱাৰ আশা প্ৰকাশ কৰা হৈছে ।

উল্লেখ্য যে, ১৪ ফেব্ৰ্ুৱাৰীত সংঘটিত হোৱা পুলৱামা আক্ৰমণৰ পাছত ভাৰত -পাক মেচখনক লৈ প্ৰশ্নবোধক চিন উদয় হৈছে । দুয়োখন দেশৰ মাজৰ এই মহাৰণখন গোটেই বিশ্বই আগ্ৰহেৰে বাট চোৱাৰ সময়তে এনে আশংকাই সকলোকে চিন্তাত পেলাইছে ।