ETV Bharat / sports

ক'ভিড-19 ত আক্ৰান্তৰ বাতৰি অস্বীকাৰ ব্ৰায়ান লাৰাৰ - কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বাতৰি অস্বীকাৰ লাৰাৰ

ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ব্ৰায়ান লাৰাই বৃহস্পতিবাৰে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বাতৰি অস্বীকাৰ কৰিছে ৷ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয় যে, কৰ'ণা ভাইৰাছত তেওঁ আক্ৰান্ত হোৱাটো উৰাবাতৰি ৷ নকাৰাত্মক বাতৰি বিয়পাবলৈ মহামাৰীবিধৰ ব্যৱহাৰ কৰা অনুচিত বুলি লাৰাই মন্তব্য কৰে ৷

ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ব্ৰায়ান লাৰা
ক'ভিড-19 ত আক্ৰান্তৰ বাতৰি অস্বীকাৰ ব্ৰায়ান লাৰাৰ
author img

By

Published : Aug 6, 2020, 12:46 PM IST

স্পৰ্টছ ডেস্ক, 6 আগষ্ট : ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ব্ৰায়ান লাৰাই বৃহস্পতিবাৰে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বাতৰি অস্বীকাৰ কৰিছে ৷ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয় যে, কৰ'ণা ভাইৰাছত তেওঁ আক্ৰান্ত হোৱাটো উৰাবাতৰি ৷ নকাৰাত্মক বাতৰি বিয়পাবলৈ মহামাৰীবিধৰ ব্যৱহাৰ কৰা অনুচিত বুলি লাৰাই মন্তব্য কৰে ৷

ক'ভিড-19 ত আক্ৰান্তৰ বাতৰি অস্বীকাৰ ব্ৰায়ান লাৰাৰ
ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ব্ৰায়ান লাৰা

ইনষ্টাগ্ৰামৰ জৰিয়তে লাৰাই কয়, "মই কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি উৰাবাতৰি প্ৰকাশ হোৱা বাবে মই এই সন্দৰ্ভত স্পষ্টীকৰণ দিব বিচাৰিছো ৷ এই বাতৰি কেৱল মিচাই নহয়, বৰ্তমানৰ মহামাৰীৰ পৰিস্থিতিত এনে উৰাবাতৰি বিয়পোৱাটোও অপকাৰক ৷"

উল্লেখ্য যে, যোৱা 24 ঘন্টাত বহুলোকে চ'ছিয়েল মিডিয়াৰ জৰিয়তে লাৰা কৰ'ণাত আক্ৰান্ত হোৱা বুলি উৰাবাতৰি বিয়পাইছিল ৷ কিন্তু, ক্ৰিকেটাৰগৰাকীয়ে জানিবলৈ দিয়ে যে, তেওঁ কৰ'ণাৰ পৰীক্ষা কৰিছিল আৰু ফলাফল নেগেটিভ লাভ কৰিছে ৷

2007 চনত আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰা ব্ৰায়ান লাৰাই 53 টা শতকসহ 22,358 ৰাণ সংগ্ৰহ কৰিছে ৷ 2004 চনত তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত 400 ৰাণৰ ইনিংছ খেলিছিল ৷ এয়া টেষ্ট ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক ব্যক্তিগত স্কৰ ৷

আনহাতে, প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত 1994 চনত দাৰহামৰ বিৰুদ্ধে অপৰাজিতভাৱে সৰ্বাধিক 501 ৰাণৰ ইনিংছ খেলিছিল লাৰাই৷ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৱেষ্ট ইণ্ডিজ দলৰ হৈ 131 খন টেষ্ট আৰু 299 খন এদিনীয়াত অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : আইপিএল 2020 সম্পৰ্কত জানিব লগা বিভিন্ন তথ্য...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.