স্পৰ্টছ ডেস্ক, 5 আগষ্ট : সোমবাৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ প্ৰতিটো ফৰমেটৰ পৰা অৱসৰ ঘোষণা কৰিলে নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক ব্ৰেণ্ডন মেককালামে ৷ বৰ্তমান টৰণ্ট' নেশ্বনেল দলৰ হৈ গ্ল'বেল টি - 20 কানাডাত অংশগ্ৰহণ কৰি থকা খেলুৱৈ গৰাকীয়ে এই টুৰ্ণামেন্ট শেষ হোৱাৰ পাছতে ক্ৰিকেটক বিদায় মাগিব ৷ 37 বৰ্ষীয় ক্ৰিকেটাৰ গৰাকীয়ে টুইটাৰৰ জৰিয়তে তেওঁৰ অৱসৰৰ কথা ঘোষণা কৰে ৷

উল্লেখ্য যে, মেককালামে পাকিস্তান ছুপাৰ লীগত লাহোৰ কলণ্ডৰছ, অষ্ট্ৰেলিয়াৰ বিগ বেছ লীগত ব্ৰিছবেন হিট আৰু আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ দলক প্ৰতিনিধিত্ব কৰিছিল ৷ নিউজিলেণ্ডৰ বিস্ফোৰক বেটছমেন গৰাকীৰ নেতৃত্বতে কিৱি দলে বিশ্বকাপ, 2015 ৰ ফাইনেলত প্ৰৱেশ কৰিছিল ৷ ইয়াৰোপৰি, 2016 বৰ্ষত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 54 টা বলত শতক অৰ্জন কৰি টেষ্ট ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল ব্ৰেণ্ডন মেককালাম ৷
