স্পৰ্টছ ডেস্ক, ২৩ মে': উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ লগতে বিচিচিআইৰ সচিব জয় শ্বাহ । ব'ৰ্ডৰ সংবিধানৰ এক গুৰুত্বপূৰ্ণ সংশোধনৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে বিচিচিআই । এই সংশোধনৰ ফলত কুলিং পিৰিয়ডৰ সন্মুখীন নোহোৱাকৈ আগন্তুক তিনি বছৰৰ বাবে কাৰ্যভাৰ গ্ৰহণৰ অনুমতি লাভ কৰিবলৈ সক্ষম হ'ব গাংগুলী আৰু জয় শ্বাহ ।
কোষাধক্ষ্য অৰুণ সিং ধুমলৰ দ্বাৰা দিয়া আবেদনত বিচিচিআইয়ে বিগত বৰ্ষৰ ১ ডিচেম্বৰত বাৰ্ষিক সামান্য বৈঠকত কিছু সাল-সলনিৰ মঞ্জুৰি প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰিছে । সেই সংশোধন ব'ৰ্ডৰ সংবিধানত গৃহিত কৰিবলৈ ৯ আগষ্ট ২০১৮ ৰ আদেশ অনুসৰি উচ্চতম ন্যায়ালয়ৰ পৰা ৰেহাইৰ প্ৰস্তাৱ দাঙি ধৰা হৈছে ।
![উচ্চতম ন্যায়ালয়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/court1590214575664-21_2305email_1590214586_3881590221068544-23_2305email_1590221079_261.jpg)
প্ৰশাসনিক কমিটিৰ দ্বাৰা তৈয়াৰি আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰা স্বীকৃত নিয়ম অনুসৰি ৰাজ্যিক ক্ৰিকেট সন্থা অথবা বিচিচিআইত দুই বছৰ কাৰ্যকালৰ সেৱা কৰা যি কোনো লোকৰ বাবে তিনি বৰ্ষৰ কুলিং পিৰিয়ড নিৰ্ধাৰণ কৰা হৈছে । এই নিয়মৰ অধীনতে গাংগুলী আৰু শ্বাহক এই বৰ্ষৰ জুলাই আৰু জুনৰ পৰা তিনিবছৰৰ বাবে ক্ৰিকেটৰ পৰিচালনাৰ পৰা আঁতৰি থাকিব । দুয়োকে বিগত বছৰৰ অক্টোবৰত নিযুক্ত কৰা হৈছিল ।
ব'ৰ্ডৰ এজিএমৰ পৰাও মঞ্জুৰি প্ৰদান কৰিছে যে, কুলিং পিৰিয়ডৰ নিয়মটো অধ্যক্ষ আৰু সচিবৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব । যদি তেওঁলোকে ধাৰাবাহিক ভাৱে দুবাৰকৈ বিচিচিআইত সেৱা আগবঢ়াইছে । গতিকে তাৰ অৰ্থ হ'ব ৰাজ্যিক ক্ৰিকেট সংঘত তেওঁলোকৰ কাৰ্যকালক ধৰা নহ'ব । জয় শ্বাহ পূৰ্বতে ২০১৩ চনৰ পৰা গুজৰাট ক্ৰিকেট সংঘৰ সচিব আৰু গাংগুলী বংগাল ক্ৰিকেট সংঘৰ যুটীয়া সচিব আৰু অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল ।