ETV Bharat / sports

সিদ্ধান্ত সলনি বিচিচিআইৰ, সংবাদমেল সম্বোধন কৰিব ভাৰতীয় ক্ৰিকেট দলে - সংবাদমেল সম্বোধন

বিচিচিআইয়ে সলনি কৰিলে সিদ্ধান্ত । ৱেষ্ট ইণ্ডিজ শৃংখলাৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে সংবাদমেল সম্বোধন কৰিব ভাৰতীয় ক্ৰিকেট দলে । অহা 3 আগষ্টৰ পৰা ৱেষ্ট ইণ্ডিজ শৃংখলাত অৱতীৰ্ণ হ'ব ভাৰত ।

BCCI
author img

By

Published : Jul 28, 2019, 9:53 PM IST

স্পৰ্টছ ডেস্ক, 28 জুলাইঃ ৱেষ্ট ইণ্ডিজ শৃংখলাৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে সংবাদমেল সম্বোধন নকৰা সিদ্ধান্ত সলনি কৰিলে বিচিচিআইয়ে । শেহতীয়া খবৰ অনুসৰি ৰাওনা হোৱাৰ পূৰ্বে সংবাদমেল সম্বোধন কৰিব ভাৰতীয় ক্ৰিকেট দলৰ সদস্যই ।

ETV
ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ পূৰ্বে সংবাদমেল সম্বোধন কৰিব ভাৰতীয় ক্ৰিকেট দলে

উল্লেখ্য যে, বিশ্বকাপৰ পাচৰ প্ৰথমটো ভ্ৰমণসূচীলৈ ৰাওনা হ’ব ভাৰতীয় ক্ৰিকেট দল ৷ অহা 3 আগষ্টৰ পৰা ৱেষ্ট ইণ্ডিজত হ’বলগীয়া 3 খন টি-20, 3 খন এদিনীয়া, 2 খন টেষ্টৰ বাবে সোমবাৰে ৰাওনা হ’ব ভাৰতীয় দলটো ৷ সংবাদমেলত বিশ্বকাপত ছেমিফাইনেলত পৰাজয় আৰু ৰোহিত-বিৰাটৰ মাজত বাদ-বিবাদক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ সম্ভাৱনাক লৈয়ে ভ্ৰমণৰ পূৰ্বে কোনো ধৰণৰ সংবাদমেল সম্বোধন নকৰাৰ কথা পোহৰলৈ আহিছিল । অৱশেষত বিচিচিআইয়ে স্পষ্ট কৰিছে যে সংবাদমেল আয়োজন কৰাৰ কথা । এই ৱেষ্ট ইণ্ডিজ শৃংখলাৰ বাবে তিনিওটা ফৰ্মেটত অধিনায়কৰ দায়িত্বত আছে বিৰাট কোহলি ৷

এই ভ্ৰমণ সূচীত ভাৰতীয় দলৰ সমূহ হৈছে-

টেষ্ট দলৰ সদস্যঃ বিৰাট কোহলি (অঃ), আজিংকা ৰাহানে (সহঃ অঃ), মায়াংক আগৰৱাল, কে.এল ৰাহুল, চেতেশ্বৰ পূজাৰা, হনুমান বিহাৰী, ৰোহিত শৰ্মা, ঋদ্ধিমান শ্বাহা (উইকেটকীপাৰ), ঋষভ পন্ত (উকেটকীপাৰ), আৰ আশ্বিন, ৰবিন্দ্ৰ জাডেজা, কুলদ্বীপ যাদৱ, ইশান্ত শৰ্মা, মহম্মদ শ্বামী, জছপ্ৰীত বোমৰাহ, উমেশ যাদৱ ৷

এদিনীয়া দলৰ সদস্যঃ বিৰাট কোহলি (অঃ), ৰোহিত শৰ্মা (সহঃ অঃ) শিখৰ ধাৱন, কে.এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মনিষ পাণ্ডে, ঋষভ পন্ত (উইকেটকীপাৰ), ক্ৰোণাল পাণ্ডিয়া, ৰবিন্দ্ৰ জাডেজা, কুলদ্বীপ যাদৱ, যুজৱেন্দ্ৰ চাহাল, কেদাৰ যাদৱ, মহম্মদ শ্বামী, ভূৱনেশ্বৰ কুমাৰ, খালিল আহমেদ, নৱদ্বীপ চাইনী ৷

টি-20 দলৰ সদস্যঃ বিৰাট কোহলি (অঃ), ৰোহিত শৰ্মা (সহঃঅঃ), শিখৰ ধাৱন, কে.এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মনিষ পাণ্ডে, ঋষভ পন্ত (উইকেটকীপাৰ), ক্ৰোণাল পাণ্ডিয়া, ৰবিন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, ৰাহুল চাহাৰ, ভূৱনেশ্বৰ কুমাৰ, খালিল আহমেদ, দীপক চাহাৰ, নৱদ্বীপ চাইনী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.