স্পৰ্টছ ডেস্ক, 29 ফেব্ৰুৱাৰীঃ জয়পুৰত অনুষ্ঠিত হ’ব 2020 বৰ্ষৰ মহিলা টি-20 চেলেঞ্জ প্ৰতিযোগিতা ৷ শনিবাৰে এই কথা সদৰি কৰে বিচিচিআইয়ে ৷ মুঠ 7 টা মেচ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাত ৷ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ প্লে অফ সপ্তাহৰ মাজত ছৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা সমূহ ৷

এইবাৰ মহিলা টি-20 চেলেঞ্জ প্ৰতিযোগিতাত পূৰ্বৰ তিনিটা দলৰ তুলনাত চাৰিটা দলে অংশগ্ৰহণ কৰিব ৷ মহিলা খেলুৱৈৰ আইপিএলৰ আৰম্ভণি হৈছিল 2018 বৰ্ষত ৷ প্ৰথমখন প্ৰতিযোগিতাত খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল চুপৰনোভাছ দলটোৱে ৷ ৱাংখাড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চূড়ান্ত মেচখনত ট্ৰাইলব্লেজাৰ্ছৰ বিৰুদ্ধে 3 উইকেটৰ বিজয় সাব্যস্ত কৰিছিল চুপৰনোভাছ দলটোৱে ৷

2019 সংস্কৰণত তিনিওটা দলে অংশগ্ৰহণ কৰিছিল ৷ দল কেইটা আছিল ভেলচিটি, ছুপাৰনোভাছ আৰু ট্ৰাইলব্লেজাৰ্ছ ৷ দ্বিতীয় সংস্কৰণতো খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল চুপৰনোভাছ দলটোৱে ৷ ভেলচিটি দলটোক 4 উইকেটত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰিছিল চুপৰনোভাছ দলটোৱে ৷
অহা 29 মাৰ্চৰ পৰা আৰম্ভ হ’ব ত্ৰয়োদশ সংস্কৰণ আইপিএল মেচ ৷ প্ৰথমখন মেচত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়াছ আৰু চেন্নাই চুপাৰ কিংছ ৷