ETV Bharat / sports

অনিশ্চয়তাত ভাৰত-বাংলাদেশ টি-20 শৃংখলা ! - ভাৰত-বাংলাদেশ টি-20 শৃংখলা

বাংলাদেশৰ খেলুৱৈৰ প্ৰতিবাদে অনিশ্চয়তা নমাই আনিছে ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-20 শৃংখলাত ৷ ক্ৰিকেট বহিষ্কাৰৰ হুংকাৰ বাংলাদেশী খেলুৱৈৰ ৷

অনিশ্চয়তাত ভাৰত-বাংলাদেশ টি-20 শৃংখলা
author img

By

Published : Oct 21, 2019, 8:39 PM IST

স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ: তিনি নম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ভাৰত-বাংলাদেশ টি-20 শৃংখলাক লৈ বিৰাজ কৰিছে অনিশ্চয়তাই ৷ বাংলাদেশ ক্ৰিকেট বৰ্ডৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে বাংলাদেশী ক্ৰিকেটাৰ ৷ 11 টা দাবী উত্থাপন কৰি পত্ৰ প্ৰেৰণ বাংলাদেশ ক্ৰিকেট বৰ্ডক ৷ যেতিয়া লৈ উত্থাপিত দাবী সমূহ বাংলাদেশ ক্ৰিকেট বৰ্ডে মানি নলয় তেতিয়ালৈ ক্ৰিকেট বৰ্জনৰ হুংকাৰ প্ৰদান খেলুৱৈসকলৰ ৷

বাংলাদেশ
বাংলাদেশ

সংবাদ মাধ্যমৰ এক তথ্য অনুসৰি এই দাবী উত্থাপনত বাংলাদেশ ক্ৰিকেট দলৰ টেষ্ট আৰু আন্তঃৰাষ্ট্ৰীয় টি-20 দলৰ অধিনায়ক ছাকিব অল হাছান আৰু মহমুদ্দুলাহৰো পূৰ্ণ সমৰ্থন আছে ৷ বাংলাদেশ প্ৰীমিয়াৰ লীগৰ পৰা ফ্ৰেনচাইজী মডেল উঠাই দিয়াৰ বিৰুদ্ধেই প্ৰতিবাদত নামিছে খেলুৱৈসকল ৷

ছাকিব অল হাছান
ছাকিব অল হাছান

ছাকিবে এই সন্দৰ্ভত কৈছে, বৰ্ডে খেলুৱৈ সকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে ৷ এই বিৰোধক লৈ অন্য খেলুৱৈও সমৰ্থন জনাইছে ছাকিবক ৷ অৱশ্যে বৰ্তমান লৈকে বাংলাদেশ ক্ৰিকেট বৰ্ডে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.