ETV Bharat / sports

আঘাতৰে জৰ্জৰিত বাংলাদেশৰ ক্ৰিকেট দল - বাংলাদেশ

বিশ্বকাপৰ পূৰ্বে বাংলাদেশ দলত মোক্ষম আঘাত । আঘাতৰ সন্মুখীন বাংলাদেশী পেছাৰ মুস্তাফিজুৰ ৰহমান ।

আঘাতৰ সন্মুখীন বাংলাদেশী পেছাৰ মুস্তাফিজুৰ ৰহমান
author img

By

Published : Apr 11, 2019, 10:57 PM IST

স্পৰ্টছ ডেস্ক, ১১ এপ্ৰিলঃ আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া মেচৰ পূৰ্বে বাংলাদেশ ক্ৰিকেট দলৰ বাবে দুখবৰ । আঘাতৰ সমস্যাত জৰ্জৰিত হৈছে বাংলাদেশ ক্ৰিকেট দলটো । ইতিমধ্যে দলটোৰ মহম্মদুল্লাহ, ৰুবুল হুচেইন, মেহন্দী হাচানকে ধৰি ছেফউদ্দিন আঘাতৰ সন্মুখীন হৈ থকা সময়তে এতিয়া দলটোৰ আন এগৰাকী খেলুৱৈ মুস্তাফিজুৰ ৰহমানৰো আঘাতৰ কথা উল্লেখ কৰে বাংলাদেশ ক্ৰিকেট বৰ্ডৰ মুখ্য শাৰীৰিক প্ৰশিক্ষক দেৱাশিষ চৌধুৰীয়ে । জানিব পৰা মতে ভৰিত আঘাতৰ সন্মুখীন হৈছে বাংলাদেশী দ্ৰুতবেগী বলাৰগৰাকী । যাৰ বাবে খেলুৱৈগৰাকীক বৰ্তমান দুই সপ্তাহৰ বাবে বিশ্ৰাম দিয়া হৈছে । সেই বাবে অহা ২২ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'বলগীয়া অনুশীলন মেচত অংশ লোৱাৰ পৰা বিৰত থাকিব খেলুৱৈগৰাকী ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.