ETV Bharat / sports

ছাকিব অল হাছানলৈ নামিব পাৰে বিপদ ঘণ্টা - legal action against captain shakib al hasan

ভাৰত-বাংলাদেশ শৃংখলাৰ পূৰ্বে ছাকিব অল হাছানৰ বাবে বিপদ ঘণ্টা ৷ আইনী যুঁজৰ সন্মুখীন হ’ব পাৰে ছাকিব অল হাছান ৷

ছাকিব অল হাছানলৈ নামিব পাৰে বিপদ ঘণ্টা
author img

By

Published : Oct 26, 2019, 10:07 PM IST

স্পৰ্টছ ডেস্ক, 26 অক্টোবৰ : ভাৰত-বাংলাদেশ শৃংখলাক লৈ অনিশ্চয়তা শাম কাটিলেও বিপদ নামি আহিব পাৰে বাংলাদেশৰ অধিনায়ক ছাকিব অল হাছানলৈ ৷ আইনী মেৰ পাকৰ সন্মুখীন হ’ব পাৰে অলৰাউণ্ডাৰ খেলুৱৈগৰাকী ৷ বাংলাদেশ ক্ৰিকেট বৰ্ডক 11 টাকৈ দাবী উত্থাপন কৰি ধৰ্মঘটত বহিছিল 60 জনকৈ বাংলাদেশী খেলুৱৈ ৷

আইনী যুঁজৰ সন্মুখীন হ’ব পাৰে ছাকিব অল হাছান

যাৰ বাবে টেষ্ট আৰু টি-20 অধিনায়ক ছাকিব অল হাছানক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিবলৈ নিৰ্দেশনা দিয়ে বাংলাদেশ ক্ৰিকেট বৰ্ডে ৷ খেলুৱৈগৰাকীয়ে টেলিকম কোম্পানীৰ সৈতে চুক্তি কৰি বাংলাদেশ ক্ৰিকেট বৰ্ডৰ নিয়ম উলংঘন কৰিছিল যাৰ বাবে এই কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে বৰ্ডে ৷ বৰ্ডৰ অধ্যক্ষ নজমুল হাছানে কয়, যদিহে ছাকিব অল হাছানে সন্তোষজনক উত্তৰ নিদিয়ে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.