স্পৰ্টছ ডেস্ক, 1 মে’ : ইংলেণ্ডত আগন্তুক 30 মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় এদিনীয়া বিশ্বকাপৰ বাবে সোমবাৰে নতুন জাৰ্ছী মুকলি কৰিছিল বাংলাদেশ ক্ৰিকেট বৰ্ডে ৷ পূৰ্বৰ ৰঙা-সেউজীয়া ৰঙৰ সংমিশ্ৰণ থকা জাৰ্ছীৰ সলনি সম্পূৰ্ণ সেউজীয়া ৰঙৰ জাৰ্ছী মুকলি কৰিছিল বাংলাদেশ ক্ৰিকেট বৰ্ডে ৷ যাক লৈ বাংলাদেশ ক্ৰিকেট অনুৰাগীৰ মাজত সৃষ্টি হয় তীব্ৰ অসন্তুষ্টিৰ ৷
ইয়াৰ পাচতেই পুনৰ নতুন জাৰ্ছী তৈয়াৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বাংলাদেশ ক্ৰিকেট বৰ্ডে ৷ দৰাচলতে পাকিস্তানৰ জাৰ্ছীৰ সৈতে সাদৃশ্য থকাৰ বাবেই বাংলাদেশ ক্ৰিকেট অনুৰাগীৰ মাজত সৃষ্টি হয় অসন্তুষ্টিৰ ৷ ফলত বাংলাদেশ ক্ৰিকেট দলৰ বাবে পুনৰ নতুন জাৰ্ছী তৈয়াৰ কৰিব বৰ্ডে ৷ উল্লেখ্য যে, বিশ্বকাপত পাকিস্তানৰ লগতে এইবাৰ সম্পূৰ্ণ সেউজীয়া জাৰ্ছীত দেখা পোৱা যাব দক্ষিণ আফ্ৰিকা দলটোকো ৷