ETV Bharat / sports

বিশ্বকাপৰ বাবে ঘোষণা অষ্ট্ৰেলিয়া দল

বহু প্ৰত্যাশিত বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ল অষ্ট্ৰেলিয়া ক্ৰিকেট দল ৷ 15 জনীয়া সদস্যৰ দলত প্ৰত্যাৱৰ্তন পূৰ্বৰ অধিনায়ক ষ্টিভ স্মিথ আৰু সহ অধিনায়ক ডেভিদ ৱাৰ্ণাৰৰ

বিশ্বকাপৰ বাবে ঘোষণা অষ্ট্ৰেলিয়া দলৰ
author img

By

Published : Apr 15, 2019, 10:31 AM IST

স্পৰ্টছ ডেস্ক, 15 এপ্ৰিলঃ আগন্তুক 30 মে’ত ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া বহু বিশ্বকাপ ক্ৰিকেটৰ বাবে ঘোষণা কৰা হ’ল অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ 15 জনীয়া সদস্যৰ নাম ৷ 15 জনীয়া সদস্যৰ দলত বল টেম্পাৰিং বিবাদত এবছৰৰ বাবে নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ পিচত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ষ্টিভ স্মিথ আৰু ডেভিদ ৱাৰ্ণাৰে ৷ এৰণ ফিন্সৰ নেতৃত্বত 1 জুনত আফগানিস্তানৰ বিৰুদ্ধে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব কেংগাৰু বাহিনীয়ে ৷

অষ্ট্ৰেলিয়াৰ 15 জনীয়া সদস্যৰ দলত আছে এৰণ ফিন্স (অধিনায়ক), ষ্টিভ স্মিথ, ডেভিদ ৱাৰ্ণাৰ, উছমান খুৱাজা, শ্বন মাৰ্চ, মিটচেল ষ্ট্ৰাৰ্ক, এডাম জাম্পা, এলেক্স কেৰী, জেচন বেহৰণড্ৰফ, নাথান কুল্টাৰ নাইল, পেট কামিংছ, নাথান লায়ন, গ্লেন মেক্সৱেল, ঝায় ৰিচাৰ্ডচন আৰু মাৰ্কছ ষ্টইনিছ ৷ ইপিনে দলত লাভ কৰাত ব্যৰ্থ হৈছে এশ্বটন টাৰ্ণাৰ, জছ হেজলৱুড আৰু পিটাৰ হেডছকম্পে ৷ উল্লেখ্য যে, নিউজিলেণ্ডক পৰাস্ত কৰি 2015 চনত পঞ্চম বাৰৰ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিছিল অষ্ট্ৰেলিয়াই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.